অসম

assam

By

Published : Jun 6, 2021, 7:58 AM IST

ETV Bharat / state

উন্নয়নৰ নমুনা: চাৰিডাল লোহাৰ চিৰিৰে সংযোগ ১০ খন গাঁৱক

বছাপথাৰ আমগুৰি সংযোগী এটা পথৰ ওপৰত থকা চাৰিডাল লোহাৰ চিৰিৰে প্ৰায় দহখন গাঁৱৰ ৰাইজে দীৰ্ঘদিন ধৰি গন্তব্যস্থল অভিমুখে যাত্ৰা কৰি থকাৰ ফলত বিপদৰ সমুখীন হৈছে বহুবাৰ ৷

people-of-several-villages-are-using-a-low-quality-bridge-to-connect-road
চাৰিডাল লোহাৰ চিৰিৰে ৯/১০ খন গাঁৱৰ ৰাইজে সংযোগ কৰিছে যাত্ৰাপথ

সৰুপথাৰ,6 জুন:ৰাজ্যত নতুন চৰকাৰ আহিল, ইয়াৰ পূৰ্বে অহা ইখনৰ পিছত সিখন চৰকাৰৰ কোনো এখনৰ দিনতে ৰাজ্যবাসীৰ বাট-পথ, দলং আদিৰ অসুবিধাৰ স্থায়ী সমাধান নোলাল ৷ এনে সমস্যাৰে সন্মুখীন হৈছে সৰুপথাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰতনপুৰ গাঁও পঞ্চায়তৰ ৰাইজ ৷ সৰুপথাৰ বিধানসভা সমষ্টিৰ (Sarupathar LAC) অন্তৰ্গত ৰতনপুৰ গাঁও পঞ্চায়তৰ বছাপথাৰ আমগুৰি সংযোগী এটা পথৰ ওপৰত থকা এখন দলঙকলৈ বিপাঙত পৰিছে ৰাইজ ৷ দলঙৰ নামত থকা চাৰিডাল লোহাৰ চিৰিৰে মৰণত শৰণ দি প্ৰায় ৯/১০ খন গাঁৱৰ ৰাইজে গন্তব্যস্থল অভিমুখে দীৰ্ঘদিনে যাত্ৰা কৰি আহিছে ।

বিকশিত অসমৰ উন্নয়নৰ নমুনা

স্থানীয় গাঁৱবাসীয়ে অভিযোগ কৰা মতে, তেওঁলোকে বাৰম্বাৰ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক এখন স্থায়ী দলং নিৰ্মাণ কৰিবৰ বাবে দাবী উত্থাপন কৰি আহিছে ৷ কিন্তু লক্ষণীয় বিষয় যে, আজিকোপতি কোনো এখন চৰকাৰ (Government) বা জন প্ৰতিনিধিয়ে কাণসাৰ দিয়া নাই গাঁৱবাসীৰ এই সমস্যাক ৷

পূৰ্বে এনেদৰে পাৰ হওঁতে বহুবাৰ দুৰ্ঘটনা ঘটি একাংশ লোক আহত হোৱাৰ বিপৰীতে গৰু-ম’হৰ মৃত্যু হৈছে বহুবাৰ । স্থানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষক (responsible authority) শীঘ্ৰে এখন স্থায়ী দলং নিৰ্মাণ কৰিবলৈ দাবী উত্থাপন কৰিছে ।

লগতে পঢ়ক:পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে দিল্লীত যুৱ কংগ্ৰেছৰ(IYC) প্ৰতিবাদ

ABOUT THE AUTHOR

...view details