অসম

assam

By

Published : Jun 16, 2021, 8:54 PM IST

ETV Bharat / state

কৃষকৰ মুখলৈ হাঁহি ঘূৰাই আনিছে সোণোৱালী বৰোধানে

জেঠৰ পথাৰত দেখিবলৈ পোৱা গৈছে আঘোণৰ ব্যস্ততা, বৰোধানৰ খেতিৰে ভৱিষ্যতৰ সোনোৱালী সপোন ৰচিছে নৈ পৰীয়া কৃষকে ৷ ৰাজ্যত মহামাৰীয়ে তাণ্ডৱ চলোৱাৰ মাজতে কৃষকৰ মুখত বিৰিঙিছে এধানি হেঁপাহৰ হাঁহি । দেৰগাঁৱৰ নদী কাষৰীয়া অঞ্চল সমূহৰ হতাশাগ্ৰস্ত কৃষকৰ মুখলৈ হাঁহি ঘূৰাই আনিছে সোণোৱালী বৰোধানে ৷

PEOPLE IN DERGAON HARVESTING RICE BEFORE FLOOD
কৃষকৰ মুখলৈ হাঁহি ঘূৰাই আনিছে সোণোৱালী বৰোধানে

দেৰগাঁও,16 জুন: ৰাজ্য তথা সমগ্ৰ বিশ্বতে মহামাৰীয়ে তাণ্ডৱ চলোৱাৰ মাজতে দেৰগাঁৱৰ চহা কৃষকৰ জীৱনলৈ আহিছে আশাৰ বতৰা ৷ চৌদিশে হতাশাই আৱৰি ধৰাৰ সময়তে হতাশাগ্ৰস্ত কৃষকৰ মুখলৈ হাঁহি ঘূৰাই আনিছে সোণোৱালী বৰোধানে ৷ জেঠ মহীয়া প্ৰখৰ ৰ'দতো খেতি পথাৰত ব্যস্ত হৈ পৰিছে চহা কৃষক ৷

দেৰগাঁৱৰ উপকণ্ঠ নদী কাষৰীয়া অঞ্চল সমূহতো দেখিবলৈ পোৱা গৈছে এক মনোমহা দৃশ্য । কোনোখন পথাৰ যদি সোণোৱালী, কোনোখনত আকৌ ভৰি আছে দাৱনীয়ে ৷ জেঠৰ উদং পথাৰতো যেন এতিয়া আঘোনৰ ব্যস্ততা ৷ বছৰটোলৈ পেটৰ ভাতমুঠি সুকলমে ঘৰ চপোৱাৰ তাগিদাত সকলো দুখ-ভাগৰ একাষৰীয়া কৰি কাঁচিত ছন্দ তুলি দাই গৈছে সোণগুটি ৷

কৃষকৰ মুখলৈ হাঁহি ঘূৰাই আনিছে সোণোৱালী বৰোধানে

পূৰ্বৰ পৰাই পুহ মাহৰ শেষৰ ফালে তথা মাঘ মাহৰ পৰাই শাওনৰ ব্যস্ততাৰ দৰে ভূঁই ৰুই আৰম্ভ কৰা এই বৰোধানৰ খেতি জেঠ আৰু আহাৰ মাহৰ প্ৰথম ভাগতে সোণগুটি ভড়াললৈ চপাই আহিছে নৈ পৰীয়া কৃষকে । প্ৰতি বছৰে ব্ৰহ্মপুত্ৰৰ বানে জুৰুলা কৰা বোকোৰা, কলীয়া, বেলগুৰি, বৰমুকলি, ছগুৰি, ধেমাজি আদি গাঁৱৰ কৃষকসকল নিৰ্ভৰশীল হৈ পৰিছে বৰোধানখেতিৰ ওপৰতেই ৷

এতিয়া গাঁৱৰ পুৰুষ-মহিলা, জীয়ৰী-বোৱাৰী সকলো যেন আনন্দ মনেৰে ব্যস্ত হৈ পৰিছে সোণগুটি চপোৱাত ৷ এইহেন ভয়াৱহ পৰিস্থিতিৰ মাজতে সোনালী ধানৰ মনোমোহা দৃশ্যই কৃষকৰ মুখত বিৰিঙাইছে এধানি হেঁপাহৰ হাঁহি ।

লগতে পঢ়ক:মৰিগাঁৱত উৎকোচ লৈ ৰঙাঘৰত সোমাল কোষাগাৰৰ কৰ্মচাৰী

ABOUT THE AUTHOR

...view details