অসম

assam

ETV Bharat / state

মৰণফাণ্ডত পৰিণত হৈছে বৰপথাৰ-জজামুগুৰি সংযোগী পথ

গোলাঘাট জিলাৰ বৰপথাৰ-জজামুগুৰি সংযোগী ধোন্দাচাম এনচিচি পথটোৰ ছাইডবাৰ্ণটো অতি শোচনীয় হৈ পৰাত পথটো যাতায়াতৰ বাবে অনুপযোগী হৈ পৰিছে ৷

মৰণফাণ্ডত পৰিণত হৈছে বৰপথাৰ-জজামুগুৰি সংযোগী পথটো

By

Published : Jun 2, 2019, 3:41 PM IST

সৰুপথাৰ , 02 জুন :গোলাঘাট জিলাৰ বৰপথাৰ-জজামুগুৰি সংযোগী ধোন্দাচাম এনচিচি পথটোৰ ছাইডবাৰ্ণ অতি শোচনীয় হৈ পৰাত পথটো যাতায়াতৰ বাবে অনুপযোগী হৈ পৰিছে ৷ ফলত বৰপথাৰৰ পৰা জামুগুৰি অভিমুখে যাত্ৰাৰ কৰা লোকসকলে বহু অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় ৷ লগতে এই পথেৰে যাতায়ত কৰা লোকসকল বহু সৰু-বৰ দুৰ্ঘটনাত পতিত হোৱা পৰিলক্ষিত হৈছে ৷

মৰণফাণ্ডত পৰিণত হৈছে বৰপথাৰ-জজামুগুৰি সংযোগী পথটো

ৰাজ্যিক ঘাইপথৰ অন্তৰ্গত এই পথটোৱেদি নিতৌ শ শ ডাম্পাৰ, উইংগাৰ, মেজিক আদি চলাচল কৰাৰ ফলত ৰাস্তাটোৰ ছাইডবাৰ্ণ বোকাময় হৈ পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হৈছে ৷ যাৰ ফলত পথটোৰ কাষৰ অংশসমূহ ভাঙি যাবলৈ ধৰিছে ৷ স্থানীয় ৰাইজে জনোৱা অনুসৰি এই পথটোত প্ৰায়েই সৰু -বৰ দুৰ্ঘটনা সংঘটিত হৈ বহু লোক মৃত্যুৰমুখত পৰিবলগীয়া হৈছে ৷ সেয়ে স্থানীয় ৰাইজ তথা ছাত্ৰ সংগঠন সমূহে , পথটোৰ ছাইডবাৰ্ণ নিৰ্মাণ কৰাৰ লগতে পথটো পুনৰ মেৰামতি কৰি যাতায়াতৰ উপযোগী কৰি তুলিবলৈ অসম চৰকাৰৰ গড়কাপ্টানী বিভাগক দাবী জনাইছে ৷

ABOUT THE AUTHOR

...view details