অসম

assam

ETV Bharat / state

এখন পশু চিকিৎসালয়ৰ জৰাজীৰ্ণ অৱস্থা,ক্ষোভিত ৰাইজ - কৰ্তৃপক্ষৰ বিৰুদ্ধে গুৰুত্বহীনতাৰ অভিযোগ

খুমটাই সমষ্টিৰ অন্তৰ্গত 25 খন ৰাজহ জোৰা একমাত্ৰ পশু চিকিৎসালয়খনৰ জৰাজীৰ্ণ অৱস্থাই ৰাইজৰ মাজত উদ্বিগ্নতা বৃদ্ধি কৰিছে ৷ চিকিৎসালয়খনৰ কোঠাসমূহ বহু বছৰ পুৰণি হোৱাৰ বাবে বেৰসমূহৰ লগতে দৰ্জা, খিৰিকীসমূহ ভাঙি পৰিছে ৷ ইয়াৰোপৰি, কৰ্তৃপক্ষৰ গুৰুত্বহীনতাৰ বাবে চিকিৎসালয়খন চাৰিওফালৰ পৰা আৱৰি ধৰিছে হাবি - জংঘলে ৷

এখন পশু চিকিৎসালয়ৰ জৰাজীৰ্ণ অৱস্থা, শংকিত ৰাইজ

By

Published : Sep 17, 2019, 3:09 PM IST

Updated : Sep 17, 2019, 3:16 PM IST

খুমটাই, 17 ছেপ্তেম্বৰ : খুমটাই সমষ্টিৰ অন্তৰ্গত 25 খন ৰাজহ জোৰা একমাত্ৰ পশু চিকিৎসালয়খনৰ জৰাজীৰ্ণ অৱস্থাই ৰাইজৰ মাজত উদ্বিগ্নতা বৃদ্ধি কৰিছে ৷ চিকিৎসালয়খনৰ কোঠাসমূহ বহু বছৰ পুৰণি হোৱাৰ বাবে বেৰসমূহৰ লগতে দৰ্জা, খিৰিকীসমূহ ভাঙি পৰিছে ৷ ইয়াৰোপৰি, কৰ্তৃপক্ষৰ গুৰুত্বহীনতাৰ বাবে চিকিৎসালয়খন চাৰিওফালৰ পৰা আৱৰি ধৰিছে হাবি - জংঘলে ৷ ভুক্তভোগী ৰাইজে উত্থাপন কৰা অভিযোগ অনুসৰি, চিকিৎসকৰ লগতে বাকী কৰ্মচাৰী সকলো নিয়মিতভাৱে চিকিৎসালয়ত উপস্থিত নহয় ৷ ফলত চিকিৎসাৰ অভাৱতে বহু সংখ্যক পশুধনে মৃত্যুক সাৱটি ল'বলগা হৈছে ৷ সমগ্ৰ ঘটনা বিভাগীয় বিষয়াক বহুবাৰ অৱগত কৰা হৈছে যদিও বিভাগটোৱে কোনো গুৰুত্ব প্ৰদান নকৰা বুলি অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷

এখন পশু চিকিৎসালয়ৰ জৰাজীৰ্ণ অৱস্থা, শংকিত ৰাইজ

লক্ষণীয় বিষয়টো হ'ল যে, কংগ্ৰেছ চৰকাৰৰ দিনতে এই চিকিৎসালয় খনৰ নতুন গৃহ নিৰ্মাণৰ বাবে প্ৰায় 56 লাখ টকা আৱন্তন কৰা হৈছিল আৰু 2014 চনত সেই সময়ৰ খুমটাই সমষ্টিৰ বিধায়িকা বিষ্মিতা গগৈয়ে আধাৰশিলা নিৰ্মাণ কৰিছিল । কিন্তু, 5 বছৰ পাৰ হৈ যোৱাৰ পাছতো এই গৃহ নিৰ্মাণৰ কাম কিয় সম্পূৰ্ণ হৈ নুঠিল সেই লৈ ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে ৷ স্থানীয় ৰাইজে খুমটাইৰ বিধায়ক মৃণাল শইকীয়াক বিষয়টোৰ ওপৰত গুৰুত্ব প্ৰদান কৰিবলৈ অনুৰোধ জনাইছে ৷

Last Updated : Sep 17, 2019, 3:16 PM IST

ABOUT THE AUTHOR

...view details