অসম

assam

ETV Bharat / state

অসুস্থ কণমানিক লৈ উপায়ন্তৰ এটি পৰিয়াল

জন্মৰ সময়ত মূৰত আঘাত পাইছিল দেৰগাঁও খকণ্ডগুৰিৰ বাসিন্দা ৰাতুল বৰা আৰু মিনাক্ষী বৰাৰ দুবছৰীয়া সন্তান ৰাজ বৰাই ৷ তাৰ পাচৰ পৰাই কোনো ধৰণৰ শাৰিৰীক কাৰ্যকলাপ কৰিব নোৱাৰে শিশুটিয়ে ৷ শিশুটিৰ চিকিৎসাৰ নামৰ সৰ্বস্বাস্ত হোৱা পৰিয়ালটোৱে সম্প্ৰতি বিচাৰিছে কাৰোবাৰ অলপ সহায়ৰ হাত ৷

উপায়ন্তৰ এটি পৰিয়াল
উপায়ন্তৰ এটি পৰিয়াল

By

Published : Aug 22, 2020, 6:57 PM IST

গোলাঘাট, 22 আগষ্ট:এটি কণমানিৰ চিকিৎসাৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে গোলাঘাটৰ এহাল দম্পতীয়ে ৷ জন্মলগ্নৰে পৰাই অসুস্থ দেৰগাঁও খকণ্ডগুৰিৰ ৰাতুল বৰা আৰু মিনাক্ষী বৰাৰ দুবছৰীয়া সন্তান ৰাজ বৰা ৷ জন্মৰ সময়ত মূৰত আঘাত পোৱাৰ পাচৰে পৰাই শিশুটিৱে সম্পাদন কৰিব নোৱাৰে কোনো শাৰিৰীক গতি বিধি ৷ মগজুত আঘাত পোৱাৰ বাবেই মুখেৰে মাত এষাৰ দিব নোৱাৰে, খোজকাঢ়িব নোৱাৰে ৰাজে ৷ কেৱল কান্দি কান্দি বিচনাতে দিনবোৰ পাৰ কৰিছে কণমানিটোৱে ৷

অসুস্থ কণমানিক উপায়ন্তৰ এটি পৰিয়াল

ভিন্ন স্থানত পিতৃ-মাতৃয়ে কণমানিটোৰ চিকিৎসা কৰিছে যদিও, এই পৰ্যন্ত সুফল পোৱা নাই তেওঁলোকে ৷ কণমানি ৰাজৰ চিকিৎসাৰ নামত পিতৃ-মাতৃয়ে মাটি-সম্পত্তি, আ-অলংকাৰ সকলো বিক্ৰী কৰি সম্প্ৰতি এক দুৰ্বিসহ জীৱন যাপন কৰিবলগীয়া হৈছে ৷ দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া কণমানিটোৰ পিতৃ-মাতৃ এতিয়া অসহায় ৷ একমাত্ৰ পুত্ৰক সুস্থ কৰিবলৈ তেওঁলোকে যৎপৰোনাস্তি চেষ্টা চেষ্টা কৰিছে, কিন্তু সফল হ'ব পৰা নাই তেওঁলোক ৷ যাৰ বাবে সম্প্ৰতি তেওঁলোকে সহায় বিচাৰিছে চৰকাৰৰ লগতে কোনো হৃদয়বান লোকৰ ৷ যদি কোনো হৃদয়বান লোকে এই দুৰ্ভগীয়া পৰিয়ালটোক কিছু সহায়ৰ হাত আগবঢ়াব খোজে তেন্তে মাতৃ মিনাক্ষী বৰাৰ নামত দেৰগাঁও ভাৰতীয় ষ্টেট বেংকৰ একাউণ্ট নং: ৩৫৮২৯১৪৮৩৩৫ ত আৰ্থিক সহায় আগবঢ়াব পাৰে ৷ নাইবা ৬০০৩৩-৭৪৮৬৬ ম'বাইল নম্বৰত পৰিয়ালটোৰ সৈতে যোগাযোগ কৰিব পাৰে ৷

লগতে পঢ়ক:নিৰ্বাচন মানে কি নজনা এখন গাঁও !

ABOUT THE AUTHOR

...view details