অসম

assam

By

Published : Jun 17, 2019, 5:32 PM IST

ETV Bharat / state

ফুটুকাৰ ফেনত পৰিণত খুমটাইৰ চৌকনাৰ হস্ততাঁত বস্ত্ৰ শিল্পৰ প্ৰকল্প

তিনিটা বছৰে মুকলি নহ'ল খুমটাইৰ চৌকনা হস্ততাঁত বস্ত্ৰশিল্প প্ৰকল্পৰ ৷ হাবি-জংঘলেৰে আৱৰি ধৰিছে প্ৰকল্পটোৰ চৌহদ ৷

চৌকনা হস্ততাঁত বস্ত্ৰ শিল্পৰ প্ৰকল্প

খুমটাই, 17 জুন : আজি পৰ্যন্ত মুকলি নহ'ল খুমটাইৰ চৌকনা হস্ততাঁত বস্ত্ৰশিল্প প্ৰকল্পৰ ৷ কেন্দ্ৰীয় চৰকাৰৰ বিশেষ সাহাৰ্য আঁচনিৰ অধীনত অসম চৰকাৰৰ হস্ততাঁত বস্ত্ৰশিল্প বিভাগৰ সহযোগত টাই আহোম উন্নয়ন পৰিষদ অসমৰ দ্বাৰা সমষ্টিটোৰ মহিলাসকলক হস্ততাঁত-বস্ত্ৰশিল্পৰ লগত জড়িত বিভিন্ন দিশত প্ৰশিক্ষণ প্ৰদান কৰি স্বাৱলম্বী কৰি তোলাৰ উদ্দেশ্যেৰে তিনিবছৰ পূৰ্বে আৰম্ভ হৈছিল প্ৰকল্পটোৰ কাম ৷ প্ৰায় 1 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা প্ৰকল্পটো আজিও ৰাইজৰ বাবে মুকলি কৰি দিয়া নহ'ল ৷

চৌকনা হস্ততাঁত বস্ত্ৰ শিল্পৰ প্ৰকল্প

তাৰ বিপৰীতে হাবি-জংঘলেৰে প্ৰকল্পটোৰ চৌহদ আৱৰি ধৰাৰ লগতে প্ৰকল্পটোলৈ প্ৰৱেশ কৰিবলৈ একাঁঠু বোকা গছকি যাব লগা হয় ৷ ইপিনে প্ৰকল্পটোত বহু মূল্যবান জেনেৰেটৰ স্থাপন কৰা হৈছিল যদিও ইতিমধ্যে মামৰে ধৰিবলৈ আৰম্ভ কৰিছে সামগ্ৰীসমূহত গৃহটোৰ । আনহাতে ইতিমধ্যে প্ৰায় অংশতেই ডাঙৰ ডাঙৰ ফাঁট মেলিবলৈ আৰম্ভ কৰিছে । ঠিকাদাৰৰ নিম্নমানৰ কামৰ বাবেই বৰ্তমানে এই প্ৰকল্প এনেদৰে জহি-খহি যোৱাৰ উপক্ৰম হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ । লগতে স্থানীয় ৰাইজৰ দাবী, অতি শীঘ্ৰে প্ৰকল্পটো মুকলি কৰি ৰাইজক আগবঢ়াই দিয়ক চৰকাৰে ৷

ABOUT THE AUTHOR

...view details