গোলাঘাট,23ছেপ্তেম্বৰঃতথ্য জনাৰ অধিকাৰৰ ভিত্তিত তথ্য জানিবৰ আবেদন জনোৱাৰ বাবেই গোলাঘাটত সংঘটিত হৈছে মাৰপিটৰ ঘটনা ৷ গোলাঘাটৰ ৰংদৈ পঞ্চায়তৰ কৰ্মী আৰু গুণ্ডা বাহিনীয়ে গুৰুলাগুৰুল কৈ প্ৰহাৰ কৰিলে ৰঙাজানৰ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্যক । জানিব পৰা মতে, কংগ্ৰেছৰ দখলত থকা পঞ্চায়ত খনত চৰকাৰৰ বিভিন্ন অভিলাষী আঁচনিৰ ধন আত্মসাৎ কৰাক লৈ ৰঙাজানৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্য সকলে তথ্য জনাৰ অধিকাৰৰ জৰিয়তে আবেদন জনাইছিল। কিন্তু দহমাহে কোনোধৰণৰ উত্তৰ লাভ নকৰিলে সদস্য সকলে ।
গোলাঘাটৰ ৰঙাজানত AJYCPৰ সদস্যক আক্ৰমণ পঞ্চায়ত কৰ্মীৰ - অভিলাষী আঁচনি
পঞ্চায়তৰ কৰ্মী সকলে চক্ৰান্ত কৰি মাতি পঠিয়াই ৰঙাজান AJYCP ৰ সদস্যসকলক । AJYCPৰ সদস্য সকলৰ অভিযোগ, চক্ৰান্ত কৰি মাতি ৰঙাজানৰ AJYCPৰ সভাপতি, সম্পাদকৰ লগতে একাংশ সদস্যক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে পঞ্চায়ত কৰ্মী আৰু কংগ্ৰেছৰ গুণ্ডা বাহিনীয়ে । AJYCP ৰ সদস্যসকলে পঞ্চায়ত খনত কংগ্ৰেছৰ গুণ্ডাৰাজ চলাৰো একপ্ৰকাৰ অভিযোগ কৰে ৷ ইপিনে, পঞ্চায়ত খনৰ কংগ্ৰেছ কৰ্মীৰ আক্ৰমণৰ বলি হয় AJYCPৰ সদস্য নাজিৰুল হক, ইনটাচ আলি, ৰিপেন শইকীয়া, মনোজ বৰা আৰু বিটু মুণ্ডা ।
তাৰপিছতে পঞ্চায়তৰ কৰ্মী সকলে চক্ৰান্ত কৰি মাতি পঠিয়াই ৰঙাজান AJYCP ৰ সদস্যসকলক । AJYCPৰ সদস্য সকলৰ অভিযোগ, চক্ৰান্ত কৰি মাতি ৰঙাজানৰ AJYCPৰ সভাপতি, সম্পাদকৰ লগতে একাংশ সদস্যক গুৰুলাগুৰুল কৈ প্ৰহাৰ কৰে পঞ্চায়ত কৰ্মীৰ আৰু কংগ্ৰেছৰ গুণ্ডা বাহিনীয়ে । AJYCP ৰ সদস্যসকলে পঞ্চায়ত খনত কংগ্ৰেছৰ গুণ্ডাৰাজ চলাৰো একপ্ৰকাৰ অভিযোগ কৰে ৷ ইপিনে, পঞ্চায়ত খনৰ কংগ্ৰেছ কৰ্মীৰ আক্ৰমণৰ বলি হয় AJYCPৰ সদস্য নাজিৰুল হক, ইনটাচ আলি, ৰিপেন শইকীয়া, মনোজ বৰা আৰু বিটু মুণ্ডা । আনহাতে পঞ্চায়ত কৰ্মীয়ে আমন্ত্ৰণ জনাই ৰখা গুণ্ডা বাহিনীটোৰ নেতৃত্ব পঞ্চায়ত খনৰ 10 নং ৱাৰ্ডৰ ৱাৰ্ড মেম্বাৰ স্কেন্দৰ আলি নামৰ এজন কংগ্ৰেছ কৰ্মীয়ে লোৱা বুলিও অভিযোগ উত্থাপন কৰে AJYCPৰ সদস্যসকলে ৷ এই ঘটনাৰ পিছতে পঞ্চায়ত খনৰ এনে কাৰ্যৰ ফলত ক্ষোভিত হৈ পৰে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গোলাঘাট জিলা সমিতি । এইক্ষেত্ৰত AJYCP গোলাঘাট জিলা সমিতিয়ে এইক্ষেত্ৰত AJYCP গোলাঘাট জিলা সমিতিয়ে কাষ চাপিব আইনৰ কাষ চাপিব বুলিও হুংকাৰ দি উচিত তদন্তৰ দাবী কৰে ৷
লগতে পঢ়কঃঅসম আৰক্ষীৰ SI বাচনি পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল কৰা মূল অভিযুক্ত আৰক্ষীৰ জালত