অসম

assam

Paddy procurement centre in Dhansiri: ধনশিৰিত জিলা উপায়ুক্তৰ তৎপৰতাত ধনশিৰিৰ কৃষকলৈ সকাহ

By

Published : Jan 21, 2023, 2:23 PM IST

কাৰ্বি আংলং জিলাৰ উপায়ুক্ত মধুমিতা ভাগৱতীৰ তৎপৰতাত ধনশিৰিৰ কৃষকে লাভ কৰিলে বিশেষ সুবিধা । এতিয়াৰে পৰা ধনশিৰিৰ কৃষকৰ ধান কাৰ্বি আংলং জিলাৰ কৃষি বিভাগে চৰকাৰী দৰত ক্ৰয় কৰিব ৷ ধনশিৰিৰ কৃষকৰ ধান শনিবাৰৰ পৰা কৃষি বিভাগে কিনি ট্ৰাকেৰে আনি মানজাৰ গুদামত ৰখাৰ ব্যৱস্থা কৰিছে (Paddy procurement centre opened for farmers in Dhansiri) ।

Paddy procurement centre opened for farmers in Dhansiri
জিলা উপায়ুক্ত মধুমিতা ভাগৱতীৰ প্ৰচেষ্টাত কৃষকলৈ সকাহ

ডিফু,২০ জানুৱাৰী:ভাৰত চৰকাৰে বিগত বছৰকেইটাৰ দৰে এই বৰ্ষটো কৃষকসকললৈ দিছে এক আশাৰ বতৰা ৷ স্বাৱলম্বীৰ পথত আগবঢ়া কৃষকসকলে ৰাজ্যিক কৃষি সামগ্ৰী বিপণন পৰিষদক পোনপটীয়াকৈ ২,০৪০ টকাত বিক্ৰী কৰিব পাৰিব নিজেই কৰা খেতিৰ ধান । শালি ধান ক্ৰয় কৰিবলৈ চৰকাৰে সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্ততো ধান ক্ৰয় কেন্দ্ৰ স্থাপন কৰিছে(Paddy procurement centres open in Assam)।

পিছে এই সুবিধাৰ পৰা বঞ্চিত হৈ ৰৈছিল ধনশিৰি মহকুমাৰ কৃষক । চৰকাৰে ধাৰ্য্য কৰি দিয়া মূল্যত ধান বিক্ৰী কৰিবলৈ ওচৰত নাছিল কোনো চৰকাৰী ধান ক্ৰয় কেন্দ্ৰ ৷ যাৰ পৰিপ্ৰেক্ষিতত কৃষকসকলে বকলীয়াঘাটত গৈ ধান বিক্ৰী কৰাত ব্যাপক অসুবিধাৰ সন্মুখীন হৈছিল । কৃষকসকলৰ অভিযোগ আছিল যে তেওঁলোকে উৎপাদিত ধানৰ উচিত মূল্য নাপায় ৷

এই সমূহ অভিযোগ কৃষকসকলে উত্থাপন কৰিছিল কাৰ্বি আংলং জিলাৰ উপায়ুক্ত মধুমিতা ভাগৱতীৰ ওচৰত । কাৰ্বি আংলং জিলাৰ উপায়ুক্ত মধুমিতা ভাগৱতী যোৱাটো বৰ্ষৰ ৩০ নৱেম্বৰত ডিফু কৃষি গৱেষণা কেন্দ্ৰৰ আমন্ত্ৰণ মৰ্মে গৈছিল ধনশিৰিলৈ ৷ সেইদিনা উপায়ুক্ত গৰাকীয়ে পথাৰত নামি মেছিনেৰে ধন কাটিছিল ৷ কৃষি গৱেষণা কেন্দ্ৰই কেন্দ্ৰীয় চৰকাৰৰ আচঁনিৰ অধীনত এলেকাটোৰ কৃষকক ধান ৰোৱা, ধান কটা, ধানৰ মৰণা মৰা আৰু ধান খুন্দা মেছিন প্ৰদান কৰিছিল ৷ সেই সভাতে কৃষকসকলে উত্থাপন কৰিছিল এইসমূহ অভিযোগ ।

কৃষকসকলৰ অভিযোগ শুনাৰ পাছত সেইখন সভাতে উপায়ুক্ত ভাগৱতীয়ে কৃষকসকলক ধনশিৰিত এটা ধান বিক্ৰী কেন্দ্ৰ স্থাপন কৰাৰ বাবে চৰকাৰৰ লগত আলোচনা কৰাৰ আশ্বাস প্ৰদান কৰিছিল আৰু সেই আশ্বাস যেন বৰ্তমান কাৰ্যকৰী হোৱাৰ পথত ৷ ধনশিৰিত ধান ৰখাৰ বাবে উপযুক্ত গুদাম ঘৰ নথকাৰ ফলত শনিবাৰৰ পৰা ধনশিৰিৰ কৃষকৰ ধান কৃষি বিভাগে কিনি ট্ৰাকেৰে আনি মানজাৰ গুদামত ৰখাৰ ব্যৱস্থা কৰিছে(Paddy procurement centre opened for farmers in Dhansiri) ৷

এতিয়াৰে পৰা ধনশিৰিৰ কৃষকৰ ধান কাৰ্বি আংলং জিলা কৃষি বিভাগে চৰকাৰী দৰত ক্ৰয় কৰিব ৷ ইয়াৰ পাছতেই উৎফুল্লিত হৈ পৰিছে ধনশিৰি মহকুমাৰ কৃষকসকল । উপায়ুক্ত গৰাকীৰ এই পদক্ষেপৰ শলাগ লৈছে কৃষক সকলে ৷ লগতে কাৰ্বি আংলং জিলাৰ উপায়ুক্ত মধুমিতা ভাগৱতীক ধন্যবাদ জ্ঞাপন কৰে কৃষকসকলে ।

উল্লেখ্য যে যোৱাতো বৰ্ষত ৰাজ্যৰ ভিন্ন প্ৰান্তত বহুকেইটা ধান ক্ৰয় কেন্দ্ৰ স্থাপন কৰা হৈছিল(Paddy Procurement Centers in Assam) । লক্ষণীয়ভাৱে চৰকাৰে আশা কৰা ধৰণে কেন্দ্ৰসমূহত ধান বিক্ৰী কৰিবলৈ ইচ্ছা প্ৰকাশ কৰা নাছিল ৰাজ্যৰ কৃষকসকলে (Paddy Procurement System)। কিন্তু এইবৰ্ষত কৃষকৰ মাজত ধান ক্ৰয় কেন্দ্ৰত ধান বিক্ৰী কৰাৰ উৎসাহ যথেষ্ট পৰিমাণে দেখিবলৈ পোৱা গৈছে ।

লগতে পঢ়ক:Snow at Menchukha: বৰফৰ চাদৰে ঢাকি ৰাখিছে মেছুকাক

ABOUT THE AUTHOR

...view details