অসম

assam

ETV Bharat / state

PAC at Golaghat : গোলাঘাটত বিধানসভাৰ ৰাজহুৱা হিচাপৰক্ষী সমিতিৰ পৰ্যালোচনা সভা - Public Accounts Committee of Assam Assembly

বুধবাৰে দিনজোৰা কাৰ্যসূচীৰে গোলাঘাটত উপস্থিত হয় অসম বিধানসভাৰ ৰাজহুৱা হিচাপৰক্ষী সমিতিৰ সদস্যসকল (PAC review meeting)। বিভিন্ন বিভাগৰ উন্নয়নমূলক কাম-কাজৰ পৰ্যালোচনা সমিতিৰ । সমিতিৰ অনুসন্ধানত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত ব্যাপক অনিয়ম ধৰা পৰে ।

Golaghat
বিধানসভাৰ ৰাজহুৱা হিচাপৰক্ষী সমিতিৰ পৰ্যালোচনা সভা

By

Published : Oct 13, 2022, 2:12 PM IST

Updated : Oct 13, 2022, 2:27 PM IST

গোলাঘাট,১৩ অক্টোবৰ :অসম বিধানসভাৰ ৰাজহুৱা হিচাপৰক্ষী সমিতিৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় (PAC review meeting in Golaghat)। গোলাঘাটৰ আৱৰ্ত ভৱনৰ সভাকক্ষত বুধবাৰে এই গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় । জিলাখনৰ গুৰুত্বপূৰ্ণ বিভাগসমূহৰ সৈতে পৰ্যালোচনা সভাত মিলিত হয় অসম বিধানসভাৰ ৰাজহুৱা হিচাপৰক্ষী সমিতিৰ (Public Accounts Committee of Assam Assembly) বিষয়ববীয়াসকল । সভাত সমিতিখনে বিভাগসমূহৰ অধীনত জিলাখনত ৰূপায়ণ হৈ থকা আচঁনিসমূহৰ কাম-কাজ আৰু অগ্ৰগতিৰ বুজ লয় ।

উল্লেখ্য যে, বুধবাৰে দিনজোৰা কাৰ্যসূচীৰে গোলাঘাট জিলাত উপস্থিত হোৱা এই সমিতিখনে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, জনস্বাস্থ্য কাৰিকৰী, জলসম্পদ আদি কেইবাটাও বিভাগৰ দ্বাৰা ৰূপায়ণ হৈ থকা কেইবাখনো আচঁনি পৰিদৰ্শন কৰে (Public Accounts Committee at Golaghat)। সভাত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ আৰু DRDO আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাম কাজত অসন্তুষ্টি প্ৰকাশ কৰে দলটোৱে । জিলাখনৰ বিভিন্ন প্ৰান্তত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনৰ (PMAY) ঘৰৰ মূধচত বাঁহ ব্যৱহাৰ কৰা প্ৰত্যক্ষ কৰে দলটোৱে (PMAY scam in Golaghat)।

ৰাজহুৱা হিচাপৰক্ষী সমিতিৰ পৰ্যালোচনা সভা

শ্ৰেষ্ঠ মডেলসমূহৰে এই অৱস্থা হ'লে বাকী মডেলসমূহৰ অৱস্থা কি হ'ব তাক ভাবি শংকিত হৈ পৰে দলটো । পৰ্যালোচনা সভাত অসম বিধানসভাৰ ৰাজহুৱা হিচাপৰক্ষী সমিতিখনে প্ৰতিটো বিভাগকে নিষ্ঠা সহকাৰে তথা কামৰ মানৰ সৈতে কোনো আপোচ নকৰাকৈ আচঁনিসমূহ ৰূপায়ণ কৰিবলৈ আহ্বান জনায় । সভাত অসম বিধানসভাৰ ৰাজহুৱা হিচাপৰক্ষী সমিতিৰ সভাপতি বিধায়ক ৱাজেদ আলী চৌধুৰীৰ লগতে সমিতিৰ সদস্য ক্ৰমে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, বিধায়ক বসন্ত দাস, বিধায়ক হাফিজ বচিৰ আহমেদ, বিধায়ক ভৱেন্দ্ৰ নাথ ভৰালী, বিধায়ক উৎপল বৰা, বিধায়ক কমলাক্ষ্য দে পুৰকায়স্থ, বিধায়ক কৰিম উদ্দিন বৰভূঞা, বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰী, বিধায়ক চক্ৰধৰ গগৈ, বিধায়ক কৌশিক ৰায় সমন্বিতে সচিবসকল উপস্থিত থাকে ।

সংবাদমাধ্যমৰ আগত সমিতিৰ সদস্য কমলাক্ষ্য দে পুৰকায়স্থই জনোৱা মতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ উপৰিও বিভিন্ন ক্ষেত্ৰত অনিয়ম দেখা গৈছে । অৱশ্যে প্ৰতিকূল বতৰৰ বাবে সমিতিখনৰ পৰিদৰ্শনৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হোৱাৰ কথাও স্বীকাৰ কৰিলে বিধায়ক তথা সমিতিৰ সদস্য কমলাক্ষ্য দে পুৰকায়স্থই ।

লগতে পঢ়ক :Irresponsibility of IWTD : দিখৌমুখ পাৰাঘাটত যাত্ৰীৰ সৈতে হেতালি জল পৰিবহণ বিভাগৰ

Last Updated : Oct 13, 2022, 2:27 PM IST

ABOUT THE AUTHOR

...view details