গোলাঘাট, 11 মে':লক্ ডাউন অব্যাহত থকাৰ মাজতে গোলাঘাটত অনুষ্ঠিত স্বাস্থ্য বিভাগৰ সাক্ষাৎকাৰ । সামাজিক দূৰত্ব বৰ্তাই ৰাখিব নোৱাৰাৰ বাবে বাতিল হ'ল স্বাস্থ্য বিভাগৰ চাফাই কৰ্মীৰ সাক্ষাৎকাৰ । তাৰ পিচতেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় গোলাঘাটৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ৰ সন্মুখত । গোলাঘাটৰ COVID-19 চিকিৎসালয়ৰ চাফাই কৰ্মীৰ ৮ টা পদৰ বাবে হৈছিল সক্ষাৎকাৰ ।
লক্ ডাউনৰ মাজতে গোলাঘাটত উত্তপ্ত পৰিস্থিতি - গোলাঘাটৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়
সোমবাৰে অনুষ্ঠিত স্বাস্থ্য বিভাগৰ চাফাই কৰ্মীৰ সাক্ষাৎকাৰ বাতিল হোৱাৰ পিচতে, উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় গোলাঘাটৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ৰ সন্মুখত ।
সাক্ষাৎকাৰত অংশগ্ৰহণ কৰিবলৈ গোলাঘাটৰ লগতে যোৰহাট, শিৱসাগৰ, নগাঁও আদি কেইবাখনো জিলাৰ প্ৰায় দুহেজাৰ নিবনুৱা সমবেত হৈছিল গোলাঘাটৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ত । কিন্তু স্থান অনুপাতে প্ৰাৰ্থী অধিক হোৱাত সামাজিক দূৰত্ব বিঘ্নিত হয় । ফলত স্বাস্থ্য বিভাগে বাতিল কৰিবলৈ বাধ্য হয় সাক্ষাৎকাৰ । যাৰ বাবে পৰিস্থিতিয়ে এনে ৰূপ পায়গৈ যে, সাক্ষাৎকাৰৰ সমগ্ৰ পৰিৱেশ কঠোৰভাৱে নিয়ন্ত্ৰণৰ বাবে বাধ্য হয় আৰক্ষী । লক্ ডাউনৰ মাজতে সাক্ষাৎকাৰৰ নামত গাঠিৰ ধন ভাঙি সাক্ষাৎকাৰত অৱতীৰ্ণ নোহোৱাকৈ ঘৰমূৱা হ'বলগীয়া হ'ল বহু নিবনুৱা ।