অসম

assam

By

Published : Jun 5, 2021, 12:57 PM IST

ETV Bharat / state

থুৰাজান চাহ বাগিচাত পূৰ্বে নেদেখা বিৰল দৃশ্য

বিশ্ব পৰিৱেশ দিৱস(WORLD ENVIRONMENTAL DAY)ৰ দিনটোৰ পুৱা থুৰাজান চাহ বাগিচা(Thurajan tea estate)ত দেখা গ'ল হাতী-মানুহৰ সংঘাতৰ বিপৰীতে মিলাপ্ৰীতিৰে সহাৱস্থান কৰা এক বিৰল দৃশ্য ৷ এই দৃশ্যই দৃষ্টি আকৰ্ষণ কৰে সকলোৰে ৷

opposite-scene-of-man-elephant-conflict-view-at-thurajan-tea-estate
থুৰাজান চাহ বাগিচাত পূৰ্বে নেদেখা বিৰল দৃশ্য

গোলাঘাট,5 জুন: বিশ্ব পৰিৱেশ দিৱস(WORLD ENVIRONMENTAL DAY) ৰ পুৱা গোলাঘাটৰ থুৰাজান চাহ বাগিচা(Thurajan tea estate) ত দেখা গ'ল পূৰ্বে নেদেখা এক ব্যতিক্ৰমী দৃশ্য ৷ হাতী-মানুহৰ সংঘাতৰ বাবে সততে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰা বাগিচাখনত শনিবাৰে পুৱা দেখা পোৱা গ'ল এক বিপৰীত দৃশ্য ৷ এই দৃষ্টিনন্দন দৃশ্যই আপ্লুত কৰে সকলোকে ৷ বাগিচাৰ শ্ৰমিকৰ নিচেই কাষতে অতি শান্তভাৱে বিচৰণ কৰিলে এজাক বন্যহস্তীয়ে ৷

থুৰাজান চাহ বাগিচাত পূৰ্বে নেদেখা বিৰল দৃশ্য

উল্লেখ্য যে, গোলাঘাট জিলাৰ নামবৰ বনাঞ্চল আৰু কাৰ্বি পাহাৰৰ দাঁতি কাষৰীয়া অঞ্চলৰ হাতী-মানুহৰ সংঘাতে(man elephant conflict) বিভিন্ন সময়ত ধাৰণ কৰে ভয়াৱহ ৰূপ ৷ মাজে-সময়ে থুৰাজান চাহ বাগিচাতো উপদ্ৰৱ চলাই হাতীৰ জাকে ৷ কিন্তু শনিবাৰে পুৱা দেখা গ’ল তাৰ বিপৰীত দৃশ্য ৷ অতি শান্তভাৱে বাগিচাত কাম কৰি থকা একাংশ মহিলা শ্ৰমিকৰ প্ৰায় 20 মিটাৰ নিলগতে বিচৰণ কৰে এজাক বনৰীয়া হাতীয়ে ৷ য’ত দেখা নগ’ল কোনো আক্ৰমণাত্নক মনোভাৱ ৷

লগতে পঢ়কঃডিব্ৰুগড়ত ক’ভিড পৰিস্থিতিৰ বুজ ল’লে অভিভাৱক মন্ত্ৰী অতুল বৰাই

ABOUT THE AUTHOR

...view details