অসম

assam

By

Published : Nov 17, 2019, 3:41 AM IST

ETV Bharat / state

উৎকোচ লৈ ধৰা পৰিল জাতীয় সংগঠনৰ নেতা

ৰাজহুৱাভাৱে ফাদিল হ'ল সংগঠনৰ নেতাৰ দূৰ্নীতি ৷ জাতি ৰক্ষাৰ নামত বেপাৰ চলাইছে সংগঠনৰ নেতাই ৷ বৃত্তি প্ৰদানৰ নামত নিজ জাতিৰ যুৱকৰ পৰা টকা লৈ সম্পত্তি গঢ়াৰ অভিযোগ অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি ৰুবুল দাসৰ বিৰুদ্ধে ৷

সভাস্থলীত উৎকোচ লোৱা টকা উভতাই বিচাৰিলে ৰুবুল দাসক

গোলাঘাট , 16 নৱেম্বৰঃ পোহৰলৈ আহিছে জাতি ৰক্ষাৰ নামত সংগঠন খুলি অসৎ উপায়েৰে ধন ঘটাৰ এক ঘটনা ৷ গোলাঘাট জিলাত বৃত্তি প্ৰদানৰ নামত স্বজাতিৰ যুৱকৰ পৰা ধন সংগ্ৰহ কৰি বিপদত পৰিল ছাত্ৰ নেতা ৷ শনিবাৰে গোলাঘাট জিলাৰ মেৰাপানীত অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদৰ এখন সাংগঠনিক সভাত অংশগ্ৰহণ কৰিবলৈ আহি এক অনাকাংক্ষিত পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হয় অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি ৰুবুল দাস ৷

সভাস্থলীত উৎকোচ লোৱা টকা উভতাই বিচাৰিলে সভাপতি ৰুবুল দাসক

অভিযোগমতে কেন্দ্ৰীয় সভাপতিজনে ২০১৬ চনতে মেৰাপানী অঞ্চলৰে পৰশমণি দাস নামৰ এজন যুৱকক বৃত্তি প্ৰদান কৰিব বুলি প্ৰতিশ্ৰুতি দি চৌৰাল্লিশহাজাৰ টকা নিজৰ পত্নীৰ একাউণ্টযোগে উৎকোচ লৈছিল ৷ ধন লোৱাৰ পাছতে যুৱকজনৰ লগত যোগাযোগ সম্পূৰ্ণৰূপে বন্ধ কৰি দিছিল কেন্দ্ৰীয় সভাপতিজনে ৷ দেওবাৰে মেৰাপানীত অনুষ্ঠিত সাংগঠনিক সভাত যুৱকজন উপস্থিত হৈ সভাপতিজনৰ সন্মুখতে ধনখিনি ঘূৰাই দিবৰ বাবে ৰাজহুৱাভাৱে দাবী তোলে ৷ ইয়াৰ পাছতেই সভাস্থলীত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ৷ একাংশ প্ৰতিনিধিয়ে এই বিষয়টো সভাস্থলীত উত্থাপন কৰাৰ বাবে উভতি ধৰে ভুক্তভোগী যুৱকজনক ৷ জাতিৰ নামত বেপাৰ কৰি সম্পত্তিৰ পাহাৰ গঢ়া তথা সংগঠন এটাৰ সভাপতি এজন ৰাজহুৱা স্থানত ধনৰ লেন দেন সম্পৰ্কীয় বিষয়ৰ বাবে অবাঞ্চিত পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হোৱা ধৰণৰ ঘটনাই আচম্বিত কৰি তুলিছে সচেতন মহলক ৷

লগতে পঢ়কঃ তথ্য জনাৰ অধিকাৰ আইনৰ আওঁতাত সৰ্বোচ্চ ন্যায়ালয় !

ABOUT THE AUTHOR

...view details