অসম

assam

ETV Bharat / state

ধনশিৰি মহকুমা প্ৰশাসনক এম্বুলেঞ্চ প্ৰদান ONGC ৰ - csr

গোলাঘাটৰ ধনশিৰি মহকুমাবাসীৰ সুবিধাৰ্থে অ'এনজিচি কৰ্তৃপক্ষই প্ৰশাসনক এখন এম্বুলেঞ্চ প্ৰদান কৰে । সৰুপথাৰৰ কুশল ভৱনত ধনশিৰি মহকুমা প্ৰশাসনে ক'ভিড প্ৰট’কল মানি অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰা এক অনুষ্ঠানত অসম আৰাকান বেচিন (Assam Arakan Basin) মেনেজাৰ সুষমা ৰাৱট, অ’এনজিচিৰ কৰ্প’ৰেট কমিনিউকেশ্বন ইনচাৰ্জ জিএমলিলি চাৱাংসহ কেইবাগৰাকীও শীৰ্ষ বিষয়া উপস্থিত থাকি ধনশিৰি মহকুমাৰ মহকুমাধিপতি জাভীৰ ৰাহুল সুৰেশৰ উপস্থিতিত এম্বুলেঞ্চখন অৰ্পণ কৰে ।

ambulance
ধনশিৰি মহকুমা প্ৰশাসনক এম্বুলেন্স প্ৰদান ONGCৰ

By

Published : Jun 12, 2021, 1:00 PM IST

সৰুপথাৰ, ১২ জুন :ৰাজ্যত অব্যাহত আছে কৰ'ণাৰ(corona) সংক্ৰমণ । ইয়াৰ মাজতে বিভিন্নজনে ৰাইজৰ সুবিধাৰ্থে অথবা কৰ'ণা সংক্ৰমণ ৰোধৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে । চিকিৎসা সামগ্ৰী প্ৰদান কৰিছে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে । ইয়াৰ মাজতে অসমৰ যোৰহাটৰ চিনামৰাস্থিত অ'এনজিচি(ongc) কাৰ্যালয়ে এক আদৰণীয় পদক্ষেপ গ্ৰহণ কৰে ।

ধনশিৰি মহকুমা প্ৰশাসনক এম্বুলেঞ্চ প্ৰদান ONGC ৰ

গোলাঘাট জিলাৰ ধনশিৰি মহকুমাবাসীৰ সুবিধাৰ্থে অ'এনজিচি কৰ্তৃপক্ষই প্ৰশাসনক এখন এম্বুলেঞ্চ প্ৰদান কৰে । অ'এনজিচিয়ে বিভাগটোৰ চিএছআৰ(csr) আঁচনিৰ আৱণ্টিত পুঁজিৰে এম্বুলেঞ্চখন প্ৰদান কৰে । সৰুপথাৰৰ কুশল ভৱনত ধনশিৰি মহকুমা প্ৰশাসনে ক'ভিড প্ৰট'কল মানি অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰা এক অনুষ্ঠানত অসম আৰাকান বেচিন (Assam Arakan Basin) মেনেজাৰ সুষমা ৰাৱট, অ'এনজিচিৰ কৰ্প’ৰেট কমিনিউকেশ্বন ইনচাৰ্জ জিএমলিলি চাৱাংসহ কেইবাগৰাকীও শীৰ্ষ বিষয়া উপস্থিত থাকি ধনশিৰি মহকুমাৰ মহকুমাধিপতি জাভীৰ ৰাহুল সুৰেশৰ উপস্থিতিত এম্বুলেঞ্চখন অৰ্পণ কৰে ।

উক্ত অনুষ্ঠানত সীমান্ত দণ্ডাধীশ কৃষাণজ্যোতি ডেকা, মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া পি কে গঞ্জুসহ অন্য কেইবাজনো চৰকাৰী বিষয়া উপস্থিত থাকে । উক্ত এম্বুলেঞ্চখনে এতিয়াৰে পৰা ৰাইজক যথেষ্ট সকাহ দিব পাৰিব বুলি আশা কৰিছে ৰাইজে ।

লগতে পঢ়ক:বৰপেটাত 1.03 শতাংশলৈ হ্ৰাস পালে ক'ভিড সংক্ৰমণ

ABOUT THE AUTHOR

...view details