গোলাঘাট,13 জুলাই:ৰাজ্যত বানৰ তাণ্ডৱৰ ফলত প্ৰাণ হেৰুৱাইছে 40 গৰাকীকৈ লোকে ৷ গোলাঘাট জিলাতো ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত পৰি প্ৰাণ হেৰুৱালে এগৰাকী লোকে ৷ পশুধনৰ বাবে খাদ্য সংগ্ৰহ কৰিবলৈ গৈ মৃত্যুমুখত পৰে লোকজন ৷ ঘটনাৰ বিৱৰণী অনুসৰি, মদেশ্বৰ দলে নামৰ লোকগৰাকীয়ে পশুধনৰ বাবে ব্ৰহ্মপুত্ৰৰ বামুণ চাপৰিলৈ ঘাঁহ কাটিবলৈ যায় ৷ 29 বছৰীয়া যুৱকগৰাকী নুমলীগড়ৰ সমীপৰ বংকোৱাল কাঠনি গাঁৱৰ বৰালীমৰা অঞ্চলৰ বাসিন্দা ৷
গোলাঘাটৰ মহুৰামুখত বাঢ়নী পানীয়ে প্ৰাণ ল’লে এজনৰ - গোলাঘাটৰ মহুৰামুখত বাঢ়নী পানীয়ে প্ৰাণ ল’লে এজনৰ
পশুধনৰ বাবে খাদ্য সংগ্ৰহ কৰিবলৈ গৈ মৃত্যুমুখত পৰে গোলাঘাটৰ এগৰাকী 28 বছৰীয়া যুৱক ৷ ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত পৰি মদেশ্বৰ দলে নামৰ যুৱকগৰাকীৰ মৃত্যু হয় ৷ উক্ত ঘটনাটো সংঘটিত হৈছে মহুৰামুখৰ বংকুৱালত ৷
![গোলাঘাটৰ মহুৰামুখত বাঢ়নী পানীয়ে প্ৰাণ ল’লে এজনৰ one person dead on flood in golaghat assam etv bharat news](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8003728-thumbnail-3x2-a.jpg)
বাঢ়নী পানীয়ে প্ৰাণ ল’লে এজনৰ
বাঢ়নী পানীয়ে প্ৰাণ ল’লে এজনৰ
উল্লেখ্য় যে, বানেৰে পৰিপূৰ্ণ অঞ্চলটোত নিজ ভাতৃৰ সৈতে এখন টুলুঙা নাৱেৰে গৈ থকা অৱস্থাতে হঠাৎ বিকট চিঞৰ মাৰি নাওঁ সহ পানীত বুৰ যায় যুৱকগৰাকী ৷ অন্য এখন নাৱত থকা যুৱকজনৰ কণিষ্ঠ ভাতৃ শচীন দলেয়ে মদেশ্বৰক নাওঁ সহিতে উদ্ধাৰ কৰি ওখ ঠাইলৈ আনে যদিও অকাল মৃত্যুক সাৱতি লয় যুৱকগৰাকীয়ে ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত কমাৰগাঁও আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটলৈ প্ৰেৰণ কৰে ৷ উক্ত ঘটনাটো সংঘটিত হৈছে মহুৰামুখৰ বংকুৱালত ৷
লগতে চাওকঃকোভিড 19ত মৃত্যু হিন্দু সংহতিৰ প্ৰতিস্থাপক তপন ঘোষৰ