অসম

assam

By

Published : Aug 8, 2021, 6:00 PM IST

ETV Bharat / state

শুই থাকোতেই হাতীৰ গচকত প্ৰাণ গ’ল এজনৰ

গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তত ধাৰাবাহিকভাৱে অব্যাহত আছে বনৰীয়া হাতীৰ উপদ্ৰৱ ৷ বনৰীয়া হাতীয়ে নিদ্ৰা হৰণ কৰিছে গোলাঘাট জিলাৰ মৰঙী, নাহৰকটীয়া আদি বিভিন্ন অঞ্চলৰ লোকৰ ৷

one-killed-in-wild-elephant-attack-in-golaghat
গোলাঘাটত বনৰীয়া হাতীৰ আক্ৰমণত এজন নিহত

গোলাঘাট, 8 আগষ্ট :দীৰ্ঘদিন ধৰিগোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ ৷ এইবাৰ নুমলীগড়ৰ চাৰি নং ৰংবঙত সংঘটিত হ'ল শোকাৱহ ঘটনা ৷ নিশা শুই থকা অৱস্থাত বনৰীয়া হাতীৰ আক্ৰমণত নিহত হয় পৰেশ লোহাৰ নামৰ এজন লোক ৷ লগতে গুৰুতৰভাৱে আহত হৈছে আন এজন লোক ৷ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ব্যক্তিজনৰ অৱস্থা বৰ্তমান সংকটজনক বুলি জানিব পৰা গৈছে ৷

প্ৰাপ্ত খবৰ মতে, শনিবাৰে নিশা প্ৰায় 11 বজাৰ পৰা নুমলীগড়ৰ চাৰি নং ৰংবঙত উপদ্ৰৱ চলাই এজাক বন্যহস্তীয়ে ৷ ইয়াৰ মাজতে নিশা প্ৰায় 3.30 বজাত হাতীৰ জাকটোৱে ৰামনাথ ভকত নামৰ ব্যক্তিজনৰ বাসগৃহত আক্ৰমণ চলায় ৷ হাতীৰ জাকটোৱে পৰিয়ালটোৰ ঘৰ-দুৱাৰ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে ৰামনাথ ভকত আৰু পৰেশ লোহাৰ নামৰ লোক জনৰ ওপৰত আক্ৰমণ চলায় ৷ ঘটনাত পৰেশ লোহাৰ থিতাতে নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হয় ৰামনাথ ভকত ৷

গোলাঘাটত বনৰীয়া হাতীৰ আক্ৰমণত এজন নিহত

লগতে পঢ়ক :চন্দ্ৰপুৰত Dumping Ground ৰ বিৰুদ্ধে ধাৰাবাহিক প্ৰতিবাদ

উল্লেখ্য যে, হাতীৰ জাকটোৰ আক্ৰমণৰ পৰা কথমপি নিজকে ৰক্ষা কৰে পৰিয়ালটোৰ আন কেইগৰাকী সদস্যই ৷ ঘটনাস্থলীৰ পৰা প্ৰাণতাকি পলায়ন কৰি চুবুৰীয়াৰ বাসগৃহত আশ্ৰয় লয় গৈ পৰিয়ালটোৰ আন কেইজন সদস্যই ৷ এই ঘটনাই এতিয়া সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

স্থানীয় ৰাইজে জনোৱা অনুসৰি, অঞ্চলটোত দীৰ্ঘদিনৰ পৰা এইদৰে বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই আহিছে যদিও এই সমস্যা সমাধানৰ ক্ষেত্ৰত বন বিভাগে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই ৷ যাৰ বাবে ইটোৰ পিছত সিটো ঘটনা সংঘটিত হৈ আহিছে ৷ বন বিভাগৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি উক্ত অঞ্চলটোত এটা বনবিভাগৰ শিবিৰ স্থাপন কৰাৰ দাবী জনাইছে অঞ্চলবাসীয়ে ৷

মন কৰিবলগীয়া গোলাঘাটৰ বিভিন্ন প্ৰান্তত বৃদ্ধি পাইছে বনৰীয়া হাতীৰ উপদ্ৰৱ ৷ কেইদিন মান পূৰ্বে জিলাখনত ৰাজপথতে হাতীয়ে গচকি হত্যা কৰিছিল এজন কিশোৰক ৷ উক্ত ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই জিলা খনত পুনৰ সংঘটিত হ'ল অনুৰূপ ঘটনা ৷

লগতে পঢ়কঃচিকিৎসাকৰ্মীক শিলগুটি আৰু ইটাৰ টুকুৰা নিক্ষেপ কৰি পাঁচজন গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details