গোলাঘাট, 14 মাৰ্চ :গোলাঘাটত শোকাৱহ পথ দুৰ্ঘটনা ৷ নিশা গোলাঘাটৰ হামদৈপুলত সংঘটিত হয় শোকাৱহ এই পথ দুৰ্ঘটনাটো । এখন চাৰিচকীয়া বাহনে এখন বাইকক খুন্দা মৰাৰ ফলতে সংঘটিত হয় শোকাৱহ দুৰ্ঘটনাটো ( Road accident in Golaghat ) ৷
এখন এল্ট’ গাড়ীৰ সামান্য খুন্দাত চলমান অৱস্থাত থকা বাইকখনে পথৰ কাষৰ এটা পুলত খুন্দা মৰাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো ৷ সংঘৰ্ষৰ ফলত থিতাতে মৃত্যুমুখত পৰে লোক নিৰ্মাণ বিভাগৰ এগৰাকী কৰ্মচাৰী । চাৰিচকীয়া বাহন আৰু বাইকৰ সংঘৰ্ষৰ ফলত থিতাতে নিহত হোৱা পালচাৰ বাইক আৰোহীজন লোক নিৰ্মাণ বিভাগত কৰ্মৰত চন্দন বৰা বুলি জানিবলৈ পৰা গৈছে । গোলাঘাট জিলাৰ লোক নিৰ্মাণ বিভাগৰ কাৰ্যালয়ত গাড়ীচালক ৰূপে কৰ্মৰত আছিল মৃত চন্দন বৰা (One man died in Golaghat road accident) ।
কমাৰবন্ধাৰ পৰা গোলাঘাট অভিমুখে নিজৰ পালচাৰ বাইকখনেৰে ঘৰলৈ আহি থকা অৱস্থাত হামদৈ পুলৰ সমুখত মুখামুখি দিশেৰে অহা এখন এল্ট’ গাড়ীৰ কাষৰ গ্লাচত সামান্য খুন্দা খোৱাৰ পিছতে চন্দন বৰাৰ বাইকখনে পথৰ কাষত থকা এটা খুঁটাত খুন্দা মাৰে । খুঁটাটোত খুন্দা মৰাৰ ফলত গুৰুতৰভাৱে আহত হয় লোক নিৰ্মাণ বিভাগৰ কৰ্মচাৰী গৰাকী ।