কোৱাৰেন্টাইনত সুখী হৈ অনুদান আগবঢ়ালে এটা পৰিয়ালে - chief minister relief care fund
কোৱাৰেণ্টাইনত থাকি সমস্যাৰ সন্মুখীন হোৱা, খাদ্যৰ অভিযোগ দিয়াৰ পৰিৱৰ্তে কোৱাৰেণ্টাইনত থাকি সুখী হোৱা গোলাঘাটৰ এটা পৰিয়ালে আৰ্থিক অনুদান আগবঢ়ালে মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ ৷
![কোৱাৰেন্টাইনত সুখী হৈ অনুদান আগবঢ়ালে এটা পৰিয়ালে one golaghat family donate relief to chief minister relief care fund](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7096683-thumbnail-3x2-a.jpg)
গোলাঘাট,7মে' ঃ মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ অনুদান আগবঢ়ালে কোৱাৰেণ্টাইনত থাকি সুখী হোৱা গোলাঘাটৰ এটা পৰিয়ালে । গোলাঘাটৰ দীপক আগৰৱালাৰ পুত্ৰ হাৰ্দিক আগৰৱালাই ৰাজস্থানৰ ক'টাত মেডিকেল ক'চিং কৰি আছিল। অসম চৰকাৰে বহিঃ ৰাজ্যত বন্দী হৈ থকা লোকসকলক নিজ ৰাজ্যলৈ ঘূৰাই অনা অৱস্থাত হাৰ্দিক আগৰৱালাইয়ো অসমলৈ আহি গুৱাহাটী সৰু সজাই ষ্টেডিয়ামৰ কোৱাৰেণ্টাইনত আছিল। কোৱাৰেন্টাইনত থাকি কোৱাৰেণ্টাইনৰ সা-সুবিধা, খাদ্য প্ৰণালী দেখি উৎফুল্লিত হৈ পৰে হাৰ্দিক আগৰৱালা। চৰকাৰৰ পদক্ষেপক আদৰণি জনাই হাৰ্দিক আগৰৱালাৰ পিতৃ দীপক আগৰৱালাই মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ অনুদান আগবঢ়ায় । খুমটাই বিধায়ক মৃনাল শইকীয়াৰ হাতত দীপক আগৰৱালাই 21 হাজাৰ টকাৰ এখন চেক আগবঢ়াই নিজৰ মনৰ ভাৱ ব্যক্ত কৰে ৷