অসম

assam

ETV Bharat / state

এজন চিকিৎসকক কেন্দ্ৰ কৰি গোলাঘাটত আতংক - যোৱা কালি বৃহস্পতিবাৰে গোলাঘাট জিলা প্ৰশাসনৰ নেতৃত্বত এটা চিকিৎসকৰ দলে হ'ম কোৱাৰেণ্টাইন কৰিছে চিকিৎসক জনক ।

গোলাঘাটত এজন চিকিৎসকৰ কৰ্ম কাণ্ডই চকু কপালত তুলিছে জনতাৰ ৷ দিল্লীৰ পৰা আহি পুনে পুনে NRL বিবেকানন্দ চিকিৎসালয়ত কামত যোগদান কৰাৰ ফলত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰীয়াৰ ৷

one-doctor-negligence-on-his-duty-corona-virus
গোলাঘাটত এজন চিকিৎসকৰ কাণ্ডই হতবাক কৰিছে গোলাঘাটবাসীক !

By

Published : Mar 28, 2020, 12:13 PM IST

গোলাঘাট, 28 মাৰ্চঃ নুমলীগড়ত এজন চিকিৎসকৰ বাবে সমগ্ৰ গোলাঘাট জিলাত কৰ’ণা ভাইৰাছৰ আতংক । NRL ৰ বিবেকানন্দ চিকিৎসালয়ৰ এজন চিকিৎসকে বিগত ১৪ মাৰ্চত দিল্লীৰ পৰা আহি চৰকাৰী নীতি নিৰ্দেশনা উলংঘা কৰি গোপনে কৰ্মৰত হৈ আছিল NRL বিবেকানন্দ চিকিৎসালয়ত । বৃহস্পতিবাৰে গোলাঘাট জিলা প্ৰশাসনৰ নেতৃত্বত এটা চিকিৎসকৰ দলে হ'ম কোৱাৰেণ্টাইন কৰিছে চিকিৎসক জনক ।

গোলাঘাটত এজন চিকিৎসকৰ কাণ্ডই হতবাক কৰিছে গোলাঘাটবাসীক !

ইফালে চিকিৎসকজনে কৰ্মৰত অৱস্থাত বহু ৰোগী চোৱাচিতা কৰাৰ লগতে বহু লোকৰ সংস্পৰ্শলৈ আহিছিল । এজন চিকিৎসকৰ এনে কাণ্ডই সমগ্ৰ নুমলীগড়ত এক আতংকময় পৰিৱেশ সৃষ্টি কৰিছে । ইফালে শোধনাগাৰৰ নগৰাঞ্চলত আৰু বহু লোক আৰু ছাত্ৰ-ছাত্ৰী বিভিন্ন দেশ-বিদেশৰ পৰা গোপনে আহি সোমাই থকা সকলকো হ'ম কোৱাৰেণ্টাইন কৰিছে চিকিৎসকৰ দলে। চিকিৎসকগৰাকীৰ এই অবিবেচকী কাণ্ডৰ বিৰুদ্ধে গোলাঘাট জিলা প্ৰশাসন তথা চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় ৷

লগতে পঢক : কৰ'ণাৰে যুঁজিবলৈ ৰাজ্যিক কৰ্মচাৰীয়ে চৰকাৰক দিব দৰমহাৰ অংশ

For All Latest Updates

ABOUT THE AUTHOR

...view details