অসম

assam

ETV Bharat / state

পুত্ৰৰ অত্যাচাৰত দিকবিদিক হেৰুৱাইছে বৃদ্ধা মাতৃয়ে - Parents Tragic Story

Torture By Son: পুত্ৰৰ অত্যাচাৰৰ বলি হৈ অনাই-বনাই ঘূৰি ফুৰিবলগীয়া হৈছে এগৰাকী বৃদ্ধা মাতৃয়ে । মেৰাপানীৰ কৰুণ ঘটনাটোক লৈ স্তম্ভিত মানৱ সমাজ ৷

Merapani News
পুত্ৰৰ অত্যাচাৰত দিকবিদিক হেৰুৱাইছে বৃদ্ধা মাতৃয়ে

By ETV Bharat Assamese Team

Published : Dec 31, 2023, 7:45 PM IST

পুত্ৰৰ অত্যাচাৰত দিকবিদিক হেৰুৱাইছে বৃদ্ধা মাতৃয়ে

গোলাঘাট, 31 ডিচেম্বৰ: বছৰটোৰ শেষত এক কুলংগাৰৰ কাণ্ডই বুকু কঁপাই তুলিছে মেৰাপানীৰ জনতাক ৷ মেৰাপানীৰ ৰাইজক বুলিয়েই নহয়, এনেধৰণৰ দানৱৰ কাণ্ডই যিকোনো হৃদয়বানকেই কন্দুৱাই তুলিব পাৰে ৷

যিগৰাকী মাতৃয়ে দহমাহ দহদিন পেটৰ ভিতৰত লৈ ফুৰিছিল সন্তানক, প্ৰসৱ যন্ত্ৰনাত চটফটাই থকাৰ পাছতো সদ্যোজাতৰ প্ৰথমটো কান্দোনত যিগৰাকী মাতৃৰ মুখত হাঁহি বিৰিঙিছিল, যিগৰাকী মাতৃয়ে নিজে নাখায়ো সন্তানক খুৱাইছিল, সেই সন্তান এদিন কুলংগাৰ হৈ নিজ মাতৃকেই উলিয়াই দিলে ঘৰৰ পৰা ৷ নিজেই খুঁটি খাব পৰা হ’ল বাবেই বৃদ্ধা মাতৃক বোজা হিচাবে গ্ৰহণ কৰি ঘৰৰ পৰা উলিয়াই দিয়া মানুহৰ নামত কলংকটোৰ নাম হীৰেন বৰা ৷

প্ৰায় এমাহৰ পূৰ্বেই হৃদয়হীন হীৰেন বৰা নামৰ কুলংগাৰটোৱে ঘৰৰ পৰা উলিয়াই দিয়াৰ পাছত অনাই-বনাই ঘূৰি ফুৰিবলগীয়া হৈছে বৃদ্ধা মাতৃগৰাকীয়ে । স্বামীহীনা ৰেৱতী বৰা নামৰ বৃদ্ধাগৰাকীৰ এই কৰুণ কাহিনীয়ে সম্প্ৰতি স্থান লাভ কৰিছে মেৰাপানীৰ প্ৰতিগৰাকী হৃদয়বানৰ বুকুত । সৰু পুত্ৰ হীৰেন বৰাৰ অত্যাচাৰত আনৰ ঘৰে ঘৰে আশ্ৰয় লৈছে অসহায় মাতৃগৰাকীয়ে ।

উল্লেখ্য যে, মেৰাপানী আৰক্ষী থানাৰ অন্তৰ্গত মধ্য আমগুৰি গাঁৱৰ বৃদ্ধাগৰাকীৰ তিনি পুত্ৰৰ ভিতৰত দুই পুত্ৰ বহিঃৰাজ্যত কাম কৰিবলৈ গৈ দীৰ্ঘদিন ধৰি সন্ধানহীন হৈ আছে । বৰ্তমান বৃদ্ধাগৰাকীয়ে সৰু পুত্ৰ হীৰেণ বৰাৰ সৈতে দিন অতিবাহিত কৰি আহিছিল যদিও পুত্ৰৰ শাৰীৰিক আৰু মানসিক অত্যাচাৰ সহিব নোৱাৰি ঘৰৰ পৰা আতঁৰি আনৰ ঘৰত আশ্ৰয় ল’বলগীয়া হৈছে । অসহায় মাতৃগৰাকীয়ে নিজ পুত্ৰৰ বিৰুদ্ধে গাঁৱত বিচাৰ দিছিল যদিও পুত্ৰই নিজ মাতৃক পোহপাল দিব নোৱাৰে বুলি লিখিতভাৱে দিয়াৰ পাছতে মাতৃগৰাকীয়ে বেলেগৰ ঘৰে-ঘৰে দিন অতিবাহিত কৰিবলগীয়া হৈছে।

সন্ধানহীন দুই পুত্ৰৰ শোক আৰু সৰু পুত্ৰৰ অত্যাচাৰৰ বেদনা বুকুত লৈ বৃদ্ধাশ্ৰমত আশ্ৰয় বিছাৰি হাহাকাৰ কৰিছে মাতৃগৰাকীয়ে । মানৱতাৰ চূড়ান্ত অৱক্ষয়ৰ মাজতে নিজ পুত্ৰৰ দ্বাৰা বৃদ্ধ বয়সত মাতৃ লাঞ্ছিত হোৱা কাণ্ডত লজ্জিত হৈছে সভা সমাজ ৷ সকলোৱে একেমুখে কৈছে- এনে কুলংগাৰ সন্তান সাত সতৰুৰৰ ঘৰতো জন্ম নহওঁক ৷

লগতে পঢ়ক:প্ৰকৃতিৰ বিনন্দীয়া পৰিবেশৰ মাজত খুমটাইত ফুলৰ মেলা

ABOUT THE AUTHOR

...view details