গোলাঘাট,16 চেপ্তেম্বৰঃ মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য যোজনাৰ অন্তৰ্গত সাংস্কৃতিক নৱজাগৰণ অভিযান আঁচনিৰ অধিনত গোলাঘাট জিলাৰ সাংস্কৃতিক সঞ্চালকালয়ৰ আৰু খুমটাই চাহ বাগিচা বাল্য বিকাশ ভৱনৰ যৌথ প্ৰচেষ্টাত বিদ্যালয় খনৰ খেল পথাৰত সমগ্ৰ অসমৰ লগতে গোলাঘাটত প্ৰথমবাৰৰ বাবে ওড়িয়া নৃত্যৰ কৰ্মশালা আয়োজন কৰিছে। বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি সমূহ জীয়াই ৰখাৰ মূল লক্ষ্য এই আচঁনি খনৰ জৰীয়তে। কৰ্মশালাৰ আৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে গোলাঘাট জিলাৰ সাংস্কৃতিক বিভাগৰ মুখ্য বিষয়া ৰবিজ্যোতি বৰুৱাকে ধৰি খুমটাইৰ অঞ্চলৰ চাহ বাগিচা সমূহৰ সাংস্কৃতিক দিশত জড়িত বিশিষ্ট ব্যক্তিসকল ৷ কৰ্মশালাত অংশগ্ৰহণ কৰি ছাত্ৰ ছাত্ৰী সকলক শুভেচ্ছামূলক বক্তব্য আগবঢ়াই।
খুমটাই চাহ বাগিচাত ওড়িয়া নৃত্যৰ কৰ্মশালা - মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য যোজনা
অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনস্থ গোলাঘাট জিলা সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত খুমটাই চাহ বাগিচা বাল্য বিকাশ ভৱনৰ সহযোগত ওড়িয়া নৃত্যৰ কৰ্মশালা ।
![খুমটাই চাহ বাগিচাত ওড়িয়া নৃত্যৰ কৰ্মশালা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4452602-thumbnail-3x2-go.jpeg)
খুমটাই চাহ বাগিচাত ওড়িয়া নৃত্যৰ কৰ্মশালা
খুমটাই চাহ বাগিচাত ওড়িয়া নৃত্যৰ কৰ্মশালা
কৰ্মশালাত গোলাঘাটৰ বিভিন্ন স্থানত বাস কৰা ওড়িয়া সমাজকে ধৰি চাহ বাগান সমূহৰ প্ৰায় ২০০ৰ অধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। নৃত্যৰ উপৰিও এই কৰ্মশালাত বিভিন্ন ধৰণৰ বাদ্য যন্ত্ৰ বজোৱাৰ প্ৰশিক্ষণ প্ৰদান কৰিব । প্ৰশিক্ষণত অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰী সকলক অনাগত দিনত বিভিন্ন ৰাজ্যত অনুষ্ঠিত হবলগা `সাংস্কৃতিক কাৰ্যসূচীত অনুষ্ঠান পৰিৱেশন কৰাৰ সুবিধা প্ৰদান কৰাৰ কথা অৱগত কৰিছে সাংস্কৃতিক বিষয়া ৰবিজ্যোতি বৰুৱাই ৷