অসম

assam

ETV Bharat / state

নুমলীগড়ত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদ - নুমলীগড় শোধনাগাৰ

শুক্ৰবাৰে নুমলীগড় শোধনাগাৰৰ মুখ্য দ্বাৰত সদৌ অসম অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় । চাহ জনজাতিৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীৰ সংস্থাপনৰ ব্যৱস্থা কৰাকে ধৰি কেইবাটাও দাবীত ৩ ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনটোৰ কৰ্মকৰ্তাসকলে ।

নুমলীগড়ত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰতিবাদ
নুমলীগড়ত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰতিবাদ

By

Published : Feb 26, 2021, 6:49 PM IST

গোলাঘাট, ২৬ ফেব্ৰুৱাৰী: সদৌ অসম অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদত উত্তাল নুমলীগড় ৰাজপথ আৰু নুমলীগড় শোধনাগাৰ । শুক্ৰবাৰে সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত ৩ ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয় । লেটেকুজান চাহ বাগিছাৰ পৰা পদযাত্ৰা কৰি সংগঠনটোৰ নেতা-কৰ্মীসকলে নুমলীগড় শোধনাগাৰৰ মুখ্যদ্বাৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

নুমলীগড়ত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰতিবাদ

চাহ বাগিছাৰ ভূমি অধিগ্ৰহণ কৰি বাগিছা উচ্ছেদ কৰা বন্ধ কৰা, চাহ জনজাতি ছাত্ৰ-ছাত্ৰীৰ উচ্চ শিক্ষাৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰা, চাহ জনজাতিৰ শিক্ষিত যুৱক-যুৱতীক শোধনগাৰত স্থায়ী অথবা অস্থায়ী যিকোনো পদতে সংস্থাপন দিয়াকে ধৰি বিভিন্ন দাবী উত্থাপন কৰি শোধনাগাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভ উজাৰে ছাত্ৰ সংগঠনটোৰ কৰ্মকৰ্তাই । শোধনাগাৰ সম্প্ৰসাৰণৰ সিদ্ধান্তৰ বিৰোধিতা কৰা নাই যদিও চাহ গছ উচ্ছেদ কৰা কাৰ্যক সমৰ্থন নকৰে বুলি স্পষ্ট কৰি দিয়ে সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ নেতৃত্বই ।

লগতে পঢ়ক:ভাৰতীয় নিৰ্বাচন আয়োগৰ সংবাদমেল : ঘোষণা হ'ব অসমকে ধৰি পাঁচ ৰাজ্যৰ নিৰ্বাচনৰ দিন

ABOUT THE AUTHOR

...view details