গোলাঘাট, 14 ছেপ্তেম্বৰঃ গোলাঘাটৰ নুমলীগড়ত কৃষক নেতা অখিল গগৈৰ মুক্তিৰ লগতে নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত সাব্যস্ত কৰা হয় প্ৰতিবাদ ৷ সোমবাৰে ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পোৰাবাংলাত ছাত্ৰ মুক্তি,কৃষক মুক্তি,নাৰী মুক্তি আৰু চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ সদস্য সকলে দু-ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰে ৷
নুমলীগড়ত অখিল গগৈৰ মুক্তিৰ দাবীত প্ৰতিবাদ - নুমলীগড়ত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ বাতৰি
কৃষক নেতা অখিল গগৈৰ মুক্তিৰ লগতে নাগৰিকত্ব সংশোধনা আইন আৰু পাৰিৱেশিক প্ৰভাৱ নিৰূপণ অধিসূচনা চমুকৈ EIA 2020 বাতিলৰ দাবীত সোমবাৰে নুমলীগড়ত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্যসকলে দু-ঘন্টীয়া ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷
![নুমলীগড়ত অখিল গগৈৰ মুক্তিৰ দাবীত প্ৰতিবাদ Numaligarh KMSS protest](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8798429-thumbnail-3x2-g.jpg)
নুমলীগড়ত অখিল গগৈৰ মুক্তিৰ দাবীত প্ৰতিবাদ
নুমলীগড়ত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ
প্ৰতিবাদকাৰীসকলৰ অভিযোগ শাসনাধীন বিজেপি চৰকাৰৰ শোষণত অসমৰ জনতা অতিষ্ঠ হৈ পৰিছে ৷ যাৰ বাবে সাম্প্ৰতিক সময়ত বিভিন্ন আঞ্চলিক দলসমূহৰ লগতে শিল্পী সমাজ ৰাজনীতি ক্ষেত্ৰখনলৈ ধাৱমান হ’বলৈ বাধ্য হৈছে ৷ ইয়াৰ লগতে নাগৰিকত্ব সংশোধনী আইন আৰু EIA-2020 অতি শীঘ্ৰে উঠাই ল’বলৈ চৰকাৰক আহ্বান জনায় প্ৰতিবাদকাৰীসকলে ৷
লগতে পঢ়ক-স্বাস্থ্য বিভাগৰ হেমাহিৰ বাবে বিশ্বনাথত প্ৰাণ গ'ল ৰোগীৰ