অসম

assam

By

Published : Nov 19, 2020, 2:21 PM IST

ETV Bharat / state

অসম মটৰ ৱৰ্কাৰ্ছ ইউনিয়নৰ তীব্ৰ প্ৰতিবাদ

গোলাঘাটত প্ৰতিবাদ সাব্যস্ত অসম মটৰ ৱৰ্কাৰ্ছ ইউনিয়নৰ ৷ প্ৰতিবাদকাৰীয়ে ক’লা বেজ পৰিধান কৰি বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী ৷

nrl motor workers protest golaghat assam etv bharat news
অসম মটৰ ৱৰ্কাৰ্ছ ইউনিয়নৰ প্ৰতিবাদ

গোলাঘাট,19 নৱেম্বৰ:গোলাঘাটৰ নুমলীগড় শোধনাগাৰৰ মুখ্যদ্বাৰত বৃহস্পতিবাৰে প্ৰতিবাদ সাব্যস্ত কৰে অসম মটৰ ৱৰ্কাৰ্ছ ইউনিয়নৰ এনআৰএল শাখাই ৷ শোধনাগাৰৰ কৰ্মচাৰীসকলক সম হাৰত মজুৰি প্ৰদানৰ লগতে অনান্য সা- সুবিধা প্ৰদানৰ দাবীত প্ৰতিবাদস্থলীত এক সভা অনুষ্ঠিত কৰি সংগঠনটোৰ সদস্যসকলে সাব্যস্ত কৰে প্ৰতিবাদ ৷ প্ৰতিগৰাকী প্ৰতিবাদকাৰীয়ে ক’লা বেজ পৰিধান কৰি বিভিন্ন শ্লোগানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে ৷ তদুপৰি শোধনাগাৰ কৰ্তৃপক্ষই সংগঠনটোৰ দাবীসমূহ কাৰ্যকৰী নকৰিলে পৰৱৰ্তী সময়ত জংগী আন্দোলন গঢ়ি তোলাৰ ভাবুকি প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ৷

অসম মটৰ ৱৰ্কাৰ্ছ ইউনিয়নৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details