গোলাঘাট,10আগষ্টঃ অসম চুক্তিৰ আধাৰত প্ৰতিষ্ঠা হোৱা নুমলীগড় শোধনাগাৰৰ পৰা বাংলাদেশলৈ ৰপ্তানি কৰা হয় ডিজেল । বৰ্তমান মাহেকত দুবাৰকৈ ৰে'লৰ দ্বাৰা শিলিগুৰী হৈ বাংলাদেশ লৈ ৰপ্তানি কৰা হয় ডিজেল । প্ৰতি বাৰত 4 হাজাৰ টনকৈ মাহেকত মুঠ 8 হাজাৰ টন ডিজেল বাংলাদেশ লৈ ৰপ্তানি হয় ।
নুমলীগড় শোধানাগাৰে বাংলাদেশলৈ ৰপ্তানি হ'ৱ ডিজেল - INDIA
অসম চুক্তিৰ আধাৰত প্ৰতিষ্ঠা হোৱা নুমলীগড় শোধনাগাৰৰ পৰা বাংলাদেশলৈ ৰপ্তানি কৰা হয় ডিজেল । IBFPL অৰ্থাৎ India Bangladesh Friendship Product Pipeline জৰিয়তে ডিজেল ৰপ্তানিৰ চুক্তি দুয়োখন দেশৰ মাজত ।
উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বাংলাদেশৰ প্ৰধানমন্ত্ৰী শেখহাছিনাই ২০১৮ চনৰ ১৮ ছেপ্টেম্বৰত আৰম্ভ কৰিছিল এই প্ৰকল্পটো । তাৰ পৰিপ্ৰেক্ষিতত নুমলীগড় তেল শোধনাগাৰৰ পৰা মুঠ 66 হাজাৰ মেট্ৰিক টন ডিজেল ৰপ্তানি হ'ব বাংলাদেশলৈ । নুমলীগড় তেল শোধনাগাৰে বাংলাদেশ পেট্ৰ'লিয়াম ক'ৰপৰেচনক প্ৰদান কৰিব এই তেল । শিলিগুৰিস্থিত এন আৰ এল শিলিগুৰি মাৰ্কেটিং টাৰমিনেটৰ পৰা পাৰ্বতীপুৰ ডিপুট অৱ বাংলাদেশ পেট্ৰ'লিয়ামলৈ 129.5 কিলোমিটাৰ দূৰত্ব লৈ নিয়া হ'ব তেল । আনহাতে মুঠ ৩৪৬ কোটি টকাৰ এই প্ৰকল্পত বাংলাদেশ চৰকাৰে ব্যয় কৰিব 285 কোটি টকা আৰু নুমলীগড় তেল শোধনাগাৰে ব্যয় কৰিব 61 কোটি টকা ।