অসম

assam

ETV Bharat / state

এন আৰ চিৰ শুনানীৰ বাবে অহা লোকক আমছুৰ খাদ্য বিতৰণ - etv bharat

এন আৰ চি কতৃপক্ষই ২৪ ঘণ্টাৰ ভিতৰত হাজিৰ হ'বলৈ নিৰ্দেশ দিয়াৰ পিছতে নামনি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি গোলাঘাটত ভিৰ কৰিছেহি সহস্ৰাধিক লোকে। সেই সকলৰ বাবে গোলাঘাট জিলা আমছুৰ তৰফৰ পৰা দুপৰীয়াৰ খাদ্য হিচাপে ভোকাতুৰ লোকসকললৈ খিচিৰি আগবঢ়াইছে আমছুৰ সদস্যসকলে ৷

এন আৰ চি ৰ শুনানী

By

Published : Aug 7, 2019, 7:16 PM IST

গোলাঘাট, 7 আগষ্টঃ এন আৰ চিৰ শুনানীক লৈ নামনি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি গোলাঘাটত ভিৰ কৰিছেহি সহস্ৰাধিক লোকে। এন আৰ চি কতৃপক্ষই ২৪ ঘণ্টাৰ ভিতৰত হাজিৰ হ'বলৈ নিৰ্দেশ দিয়াৰ পিছতে হাবাথুৰি খাবলগীয়া হৈছে লোকসকলে। অৰ্থৰ অভাৱত বহু লোকৰ পেটত খুদকনো পৰা নাই । সেই সকলৰ বাবে গোলাঘাট জিলা আমছুৰ তৰফৰ পৰা আগবঢ়াইছে কিছু সহায়ৰ হাত। দুপৰীয়াৰ খাদ্য হিচাপে ভোকাতুৰ লোকসকললৈ খিচিৰি আগবঢ়াই আমছুৰ সদস্য সকলে।

আমছুৰ খাদ্য বিতৰণ

উল্লেখ্য যে গোলাঘাট জিলাৰ কেইবাটাও এন এছ কেত বিগত তিনিদিন ধৰি এন আৰ চি পুনৰীক্ষণৰ বাবে কামৰূপ , ধুবুৰী, গোৱালপাৰা, ধুবুৰী, বৰপেটা পৰা শ শ লোক আহি উপস্থিত হয় । বিভিন্ন হাৰাশাস্তিৰ সন্মুখীন হৈও শুনানিত অংশ লৈছে লোকসকলে ৷ কণ কণ শিশুক কোলাত লৈ মাটিয়ে বালিয়ে শুই এক কঠিন পৰিস্থিতি পাৰ কৰিছে লোক সকল। ভোকে পিয়াহে উৎকট গৰমত পথৰ দাঁতিতে শুই পৰিছে লোকসকল।

গোলাঘাট জিলা আমছুৱে বিগত দুদিন ধৰি এওঁলোকৰ খোৱা বোৱাৰ ব্যৱস্থা কৰিছে যদিও সেই খাদ্য পৰ্যাপ্ত নহয় এই লোকসকলৰ বাবে। সেয়ে গোলাঘাট জিলা প্ৰশাসনলৈ গোলাঘাট জিলা আমছুৰ আহ্বান, অতি শীঘ্ৰে লোক সকলৰ বাবে থকা খোৱাৰ ব্যৱস্থা কৰক কতৃপক্ষই।

ABOUT THE AUTHOR

...view details