গোলাঘাট,13আগষ্টঃ লকডাউনৰ সাম্প্ৰতিক পৰিস্থিতিৰ পটভূমিত বিশিষ্ট লেখিকা, গল্পকাৰ, অধ্যাপিকা ৰিংকুমণি গগৈৰ নৱতম উপন্যাস 'লকডাউন'ৰ আজি শুভ উন্মোচন কৰা হয় । গোলাঘাট প্ৰেছ ক্লাবত আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিশিষ্ট লেখক, কবি, গল্পকাৰ ডাঃ কুমুদ কুমাৰ দত্তই উপন্যাস 'লকডাউন' শুভ উন্মোচন কৰে । অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ, চিন্তাশীল লেখক হেম ফুকনে মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি উপন্যাস খনৰ সন্দৰ্ভত আলোকপাত কৰি ঔপন্যাসিক ৰিংকুমণি গগৈৰ আন্তৰিক প্ৰয়াসৰ ভূয়সী প্ৰশংসা কৰে।
গোলাঘাটত উন্মোচন ঔপন্যাসিক ৰিংকুমণি গগৈৰ উপন্যাস 'লকডাউন' ইপিনে গোলাঘাট প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক তথা সাংবাদিক কৌস্তুভমণি হাজৰিকাই আঁত ধৰা এই অনুষ্ঠানত গোলাঘাট জিলা সাংবাদিক সংস্থাৰ কাৰ্যকৰী সভাপতি বিকাশ শৰ্মা, গোলাঘাট প্ৰেছ ক্লাবৰ কাৰ্যকৰী সভাপতি দিগন্ত কুমাৰ ভূঞাই বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰে।
গুৱাহাটীৰ পূৰ্বায়ণ প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত অভিজিত বৰাৰ বেটুপাত অংকণেৰে প্ৰকাশ কৰি উলিওৱা গ্ৰন্থখনত লকডাউনৰ বাস্তৱ প্ৰতিচ্ছবি আৰু কা আন্দোলনৰ পটভূমিও কাহিনীৰ আউতালৈ অনা হৈছে। ছাত্ৰ অৱস্থাৰ পৰাই সাহিত্য চৰ্চাৰ নীৰৱ সাধনাৰে ৰিংকুমণি গগৈয়ে গল্প, প্ৰৱন্ধ, কবিতা, উপন্যাসৰ জৰিয়তে অসমীয়া ভাষা সাহিত্যলৈ অৱদান আগবঢ়াইছে । অধ্যাপিকা ৰিংকুমণি গগৈৰ অসমীয়া ভাষা, সাহিত্য, সংস্কৃতি বিষয়ক কেইবাখনো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় গৱেষণা পত্ৰ প্ৰকাশিত হৈছে । ইপিনে 'লকডাউন' উপন্যাসখন আন্তঃৰাষ্ট্ৰীয় অনলাইন মাৰ্কেটিং চাইট আমাজনত উপলব্ধ ৷ আনহাতে উপন্যাসখন পাঠকসমাজে আদৰি ল'ব বুলি আশাবাদী ঔপন্যাসিক ৰিংকুমণি গগৈ ৷
লগতে পঢ়কঃস্বতন্ত্ৰতা দিৱসৰ বাবে পূৰ্ণগতিত ভাৰতীয় সেনাৰ অনুশীলন