গোলাঘাট, 5 ডিচেম্বৰঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ন পাৰ্কিং জ'ন। গোলাঘাট জিলাৰ উপায়ুক্ত ধীৰেন হাজৰিকাই এক নিৰ্দেশ যোগে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত এই ন পাৰ্কিং জ'ন ঘোষণা কৰে। বোকাখাতৰ বৰজুৰিৰ পৰা বাগৰীলৈকে এই ন পাৰ্কিং জ'ন ঘোষণা কৰিছে ৷ উক্ত পথ চোৱাত ট্ৰাক,টেংকাৰ,টেইলাৰৰ পাৰ্কিং নিষিদ্ধঘোষণা কৰে জিলা উপায়ুক্তই । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্য জীৱ-জন্তু,পশু-পক্ষীৰ নিৰাপত্তাৰ লগতে সঘনাই ৰখাই থোৱা গাড়ীত খুন্দিয়াই বহু লোক অকালতে মৃত্যুৰ মুখত পৰাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰে গোলাঘাট জিলা প্ৰশাসনে ৷
ন পাৰ্কিং জ'ন হিচাপে ঘোষণা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান - kaziranga no parking zone
বোকাখাতৰ বৰজুৰিৰ পৰা বাগৰীলৈকে এই ন পাৰ্কিং জ'ন ঘোষণা ৷ উক্ত পথ চোৱাত ট্ৰাক,টেংকাৰ,টেইলাৰৰ পাৰ্কিং নিষিদ্ধ ঘোষণা কৰে জিলা উপায়ুক্তই । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্য জীৱ-জন্তু,পশু-পক্ষীৰ নিৰাপত্তাৰ লগতে সঘনাই ৰখাই থোৱা গাড়ীত খুন্দিয়াই বহু লোক অকালতে মৃত্যুৰ মুখত পৰাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰে গোলাঘাট জিলা প্ৰশাসনে ৷
ৰাষ্ট্ৰীয় উদ্যান খনৰ জীৱ জন্তু পশু পক্ষীৰ সুৰক্ষাৰ বাবে ১৪৪ ধাৰা আইন বলবৎ কৰি ন পাৰ্কিং জ'ন ঘোষণা কৰে। পথৰ কাষৰ লাইন হোটেল, তেল ডিপো আদি সমূহত ট্ৰাক,টেংকাৰ,ট্ৰেইলাৰ আদি গাড়ী সমূহ ৰখাই থ'ব নোৱাৰিব বুলি নিৰ্দেশ জাৰি কৰিছে জিলা প্ৰশাসনে । জীৱ জন্তুৰ সুৰক্ষাৰ লগতে পথৰ কাষত ৰখাই থোৱা গাড়ীত খুন্দিয়াই বহু লোকে অকাল মৃত্যুক সাবটি লব লগা হৈছে। সেয়ে এনে দুৰ্ঘটনা ৰোধ কৰিবলৈ এই নিৰ্দেশ জাৰি কৰা বুলি জনাই গোলাঘাট জিলা উপায়ুক্তই। লগতে লাইন হোটেল সমূহৰ লেতেৰা পানী,আৱৰ্জনা আদি সমূহৰ ক্ষেত্ৰতো চোকা নজৰ দিব বুলি জানিবলৈ দিয়ে প্ৰশাসনে। এনে আৱৰ্জনা সমূহে জীৱ জন্তুক অপকাৰ কৰাৰ লগতে বিদেশী পৰ্যটক সকলৰ বাবেও এক বেয়া বাৰ্তা প্ৰেৰণ কৰা বুলি কয়। সেয়ে তেনে হোটেল সমূহ চাফ-চিকুণতাৰ দিশত গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনায় গোলাঘাট জিলা উপায়ুক্ত ধীৰেন হাজৰিকাই।