গোলাঘাট,15 জানুৱাৰী:শিক্ষাবিদ খগেন ফুকন আৰু নাই ৷ বৃহস্পতিবাৰে গুৱাহাটীৰ এখন আগশাৰীৰ চিকিৎসালয়ত ৭৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে টাই ভাষাৰ বিদগ্ধ পণ্ডিত তথা টাই আহোম ছাত্ৰ সন্থাৰ প্ৰতিস্থাপক উপদেষ্টা শিক্ষাবিদ খগেন ফুকনে ৷
গোলাঘাটৰ বিশিষ্ট শিক্ষাবিদ খগেন ফুকনৰ মৃত্যু - টাই আহোম ছাত্ৰ সন্থাৰ প্ৰতিস্থাপক উপদেষ্টা
শিক্ষাবিদ খগেন ফুকনৰ মৃত্যুত শোকস্তব্ধ গোলাঘাটবাসী ৰাইজ ৷ টাই আহোম ছাত্ৰ সন্থাৰ প্ৰতিস্থাপক উপদেষ্টা আছিল খগেন ফুকন ৷
শিক্ষাবিদ খগেন ফুকনৰ মৃত্যু
গোলাঘাটৰ দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক আছিল খগেন ফুকন ৷শিক্ষাবিদ গৰাকীৰ মৃত্যুত শোকস্তব্ধ এতিয়া গোলাঘাটবাসী ৰাইজ ৷ আজি গোলাঘাটৰ দেৱৰাজ ৰয় মহাবিদ্যালয়ত প্ৰয়াত শিক্ষাবিদ গৰাকীক শেষ শ্ৰদ্ধাঞ্জলিও জ্ঞাপন কৰে দেবৰাজ ৰয় মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই ৷
লগতে পঢ়ক : শীঘ্ৰেই মুকলি হ’ব অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো গোট