বোকাখাত, ২৪ আগষ্ট:বিকাশৰ শ্লোগানতে যেন থমকি ৰৈছে ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ উন্নয়ণ(Health Department of Assam) । কোনো কোনো প্ৰান্তত স্বাস্থ্য বিভাগৰ কামৰ নমুনা দেখিলে চকু কঁপালত উঠে সচেতন মহলৰ । স্ৱাস্থ্য বিভাগৰ কামৰ এক নমুনা দেখা গৈছে বোকাখাতৰ পানবাৰীৰ এটা উপস্বাস্থ্য কেন্দ্ৰত । প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ তৎপৰতাত বোকাখাতৰ পানবাৰীত স্থাপন কৰা হৈছিল উপস্বাস্থ্য কেন্দ্ৰটো । এবছৰ পূৰ্বে উদ্বোধন কৰা উপস্বাস্থ্য কেন্দ্ৰটোত পিছে আজিলৈকে ন'হল চিকিৎসা সেৱা প্ৰদানৰ ব্যৱস্থা (No medical service in sub health center inaugurated earlier) ।
বৰ্তমানৰ মুখ্যমন্ত্ৰী আৰু তেতিয়াৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগভাগ লৈ স্থাপন কৰা উপ-স্বাস্থ্য কেন্দ্ৰটি পাঁচ বছৰৰ পূৰ্বে নিৰ্মাণ কৰা হৈছিল আৰু উদ্বোধন কৰা হৈছিল এবছৰ পূৰ্বে । পিছে পৰিতাপৰ কথাটো হ'ল, এই উপস্বাস্থ্য কেন্দ্ৰৰ জড়িয়তে আজিও স্বাস্থ্য সেৱা আগবঢ়াবলৈ সক্ষম নহ'ল স্বাস্থ্য বিভাগ । ইফালে পানবাৰী, বৰজুৰী, সাপজুৰী, মেথনী আদি অঞ্চলৰ ৰাইজে চিকিৎসাৰ বাবে যাব লাগে ১০ কিলোমিটাৰ দূৰৰ বোকাখাতলৈ নহ'লে কাৰ্বি আংলঙৰ ড'লামৰালৈ ।