গোলাঘাট, 7 নৱেম্বৰ: দেশৰ ৰাজধানী চহৰত ব্লেক লিষ্টেড হোৱা NGOৰ প্ৰতি দৰদ দেখুৱাই অপমানৰ সমুখীন হ'বলগীয়া হ'ল অসমীয়া ৷ "অসমীয়াৰ কাম নাই ৷ ফাল্টু অসমীয়া ৷ "থলুৱাৰ ভাত মাৰি বহিৰাগতক বৰপীৰা পাৰি দিয়াৰ পিচত অসমীয়াক এই সম্বোধন বহিৰাগত এন জি অ ৰ পৰিচালকৰ ৷
মধ্যাহ্ন ভোজন: "অসমীয়াৰ কাম নাই ৷ ফাল্টু অসমীয়া": চিৰাজ খান - চিৰাজ খানৰ অশ্লীল গালি-গালাজ
ৰাজ্যজুৰি মধ্যাহ্ন ভোজনক লৈ তীব্ৰ বিতৰ্কৰ মাজতে গোলাঘাটত এন জি অৰ পৰিচালকৰ গুণ্ডাগিৰি । অসমীয়া জাতিক ধৰি গালি গালাজ কৰাৰ লগতে প্ৰথম শ্ৰেণীৰ এজন ঠিকাদাৰক অসভ্য আচৰণ কৰা ঘটনাই গোলাঘাটত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।
অভিযোগ অনুসৰি, দয়াৱতী এডুকেশ্বনেল চেৰিটেৱল চ'ছাইটিয়ে দুদিনৰ বাবে হেমন্ত শইকীয়াৰ এস্কেভেটৰ ভাড়ালৈ লোৱাৰ পিচত অনাদায় ৬ হাজাৰ টকা বিচৰাৰ বাবে অসমীয়া জাতিক ধৰি অশ্লীল গালি গালাজ কৰে চিৰাজ খানে । পাবলগীয়া ধন বিচাৰি হেমন্ত শইকীয়াৰ কৰ্মচাৰী ৬-৭ দিন এন জি অ টোৰ কাৰ্যালয়লৈ যায় যদিও কৰ্মচাৰী কেইজনক ধন আদায় নকৰি গালি গালাজ কৰি উভোতাই পঠিয়াই চিৰাজ খানে। বুধবাৰে ঠিকাদাৰ গৰাকীয়ে নিজেই কাৰ্যালয়ত উপস্থিত হৈ অনাদায় ধনৰাশি বিচৰাৰ লগে লগে উত্তৰ প্ৰদেশৰ চিৰাজ খানে অসমীয়া জাতিক ধৰি অশ্লীল গালি গালাজ কৰে ৷
ইমানৰ পিচতো মৌন হয় থাকিব নে প্ৰশাসন ?
TAGGED:
চিৰাজ খানৰ অশ্লীল গালি-গালাজ