গোলাঘাট, 5 জুন :নানা-ৰঙী ফুলৰ সমাহাৰেৰে প্ৰকৃতিয়ে যেন ৰঙৰ মেলা পাতিছে কাজিৰঙাৰ বুকুত ৷ প্ৰকৃতি প্ৰেমীক হাত বাউলি মাতিছে কাজিৰঙাৰ নয়নাভিৰাম দৃশ্যই ৷ ডালভৰি ফুলা সোণাৰু, এজাৰ, কৃষ্ণচূড়াৰ সৌন্দৰ্যই আকুল কৰিছে সকলোৰে মন-প্ৰাণ ৷
লকডাউনৰ ফলত স্থব্ধ হৈ পৰিছে কল কাৰখানা, গাড়ী মটৰ আদি । প্ৰদূষণ মুক্ত বাতাৱৰণত যেন স্বস্তিৰে উশাহ লৈছে প্ৰকৃতিয়ে ৷ জ্যোতিষ্মান হৈ পৰিছে ধৰণী ৷ ধৰিত্ৰীক নতুন মাত্ৰা প্ৰদান কৰা সোণাৰু, এজাৰ, কৃষ্ণচূড়াৰ ফুলৰ দলিচালৈ প্ৰকৃতিয়ে যেন আমন্ত্ৰণ জনাইছে প্ৰকৃতিপ্ৰেমী সকলক ৷ উদ্যানখনৰ মাজেৰে যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে প্ৰকৃতিয়ে বিলাইছে নিজৰ সৌন্দৰ্যৰ সুগন্ধময়ী প্ৰবাহ ।