অসম

assam

ETV Bharat / state

ক'ভিডৰ নতুন SOP য়ে আনিলে নাট্য শিল্পী-নাট্যপ্ৰেমী লৈ ভাল খবৰ - sop

ক'ভিডৰ নতুন SOP প্ৰকাশ কৰিলে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে ৷ দেৰগাঁৱত এক সংবাদমেল সম্বোধন কৰি নতুন SOP সন্নিবিষ্ট নীতি নিৰ্দেশনা সমূহ অৱগত কৰে স্বাস্থ্যমন্ত্ৰী শ্ৰী কেশৱ মহন্তই ৷ নতুন SOP ৰ মতে...

new covid sop by assam govt
ক'ভিডৰ নতুন SOP য়ে আনিলে নাট্যপ্ৰেমী সকললৈ ভাল খবৰ

By

Published : Oct 8, 2021, 7:23 PM IST

Updated : Oct 8, 2021, 8:27 PM IST

গুৱাহাটী, 8 অক্টোবৰ : ক'ভিডৰ নতুন SOP প্ৰকাশ কৰিলে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে ৷ দেৰগাঁৱত এক সংবাদমেল সম্বোধন কৰি নতুন SOP সন্নিবিষ্ট নীতি নিৰ্দেশনা সমূহ অৱগত কৰে স্বাস্থ্যমন্ত্ৰী শ্ৰী কেশৱ মহন্তই ৷ নতুন SOP ৰ মতে...

ক'ভিডৰ নতুন SOP য়ে আনিলে নাট্য শিল্পী-নাট্যপ্ৰেমী লৈ ভাল খবৰ
  • অসমত আজিৰেপৰাই ক'ভিডৰ নীতি-নিৰ্দেশনা মানি ভ্ৰাম্যমান নাট প্ৰদৰ্শনী মুকলি ।
  • প্ৰতিগৰাকী শিল্পী কলা-কুশলী আৰু আয়োজক সমিতিৰ প্ৰতিজন সদস্যই ল'ব লাগিব ক'ভিডৰ দুয়োপালি প্ৰতিষেধক ।
  • প্ৰশাসনৰ ওচৰত প্ৰতিষেধক লোৱাৰ প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব ।
  • কণ্টেইনমেণ্ট জ'ন বা অধিক সংক্ৰমণ হোৱা ঠাইত ভ্ৰাম্যমান নাট প্ৰদৰ্শনীৰ অনুমতি দিয়া নহ'ব ।
  • প্ৰেক্ষাগৃহত সামাজিক দূৰত্ব বৰ্তাই ৰাখি আসনৰ ব্যৱস্থা কৰিব লাগিব ।
  • প্ৰৱেশ পথত হেণ্ড ছেনিটাইজাৰ মজুত ৰাখিব লাগিব ।
  • প্ৰতিজন দৰ্শকে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক । মাস্ক নিপিন্ধাকৈ অহা দৰ্শকৰ বাবে প্ৰেক্ষাগৃহৰ প্ৰৱেশ পথত মাস্ক মজুত ৰাখিব লাগিব ।
  • নাট্য প্ৰদৰ্শনী সান্ধ্য আইনৰ আগতে সমাপ্ত কৰিব লাগিব ।
  • যদি ক'ভিড সংক্ৰমণ ব্যাপক হয় বা ইয়াতকৈ পৰিস্থিতি ভাল হয় তেনেহ'লে নীতি-নিৰ্দেশনা সলনি কৰা হ'ব ।
  • ক'ভিড প্ৰতিষেধক গ্ৰহণ আৰু ক'ভিডৰ নিয়মাৱলী সন্দৰ্ভত দৰ্শকক আয়োজক সমিতিয়ে সজাগ কৰিব লাগিব ।
Last Updated : Oct 8, 2021, 8:27 PM IST

ABOUT THE AUTHOR

...view details