অসম

assam

ETV Bharat / state

কাঁচি বৰ্জন কৰিবলৈ আহ্বান নৰ্থ ইষ্টাৰ্ণ টি এচ'চিয়েছনৰ - নৰ্থ ইষ্টাৰ্ণ টি এচ'চিয়েছন

কাঁচি ব্যৱহাৰৰ ফলত চাহ পাতৰ গুণগত মানদণ্ড অৱনমিত হোৱাৰ বাবে কাঁচিৰ সলনি কেঁচা পাত ছিঙা মেচিন ব্যৱহাৰ কৰিবলৈ আহ্বান নৰ্থ ইষ্টাৰ্ণ টি এচ'চিয়েছনৰ

কাঁচি বৰ্জন কৰিবলৈ আহ্বান নৰ্থ ইষ্টাৰ্ণ টি এচ'চিয়েছনৰ

By

Published : Jul 4, 2019, 11:38 PM IST

গোলাঘাট,4 জুলাইঃ নৰ্থ ইষ্টাৰ্ণ টি এচ'চিয়েছন চমুকৈ নেটাৰ আহ্বান সকলো চাহ উৎপাদনকাৰীয়ে কেঁচা পাত ছিঙিবলৈ বৰ্জন কৰক কাঁচি। চাহ শ্ৰমিকৰ নাটনি আৰু চাহ খেতিৰ ভৰপক সময় হিচাপে পৰিচিত জুলাই মাহৰ পৰা অক্টোবৰ মাহৰ সময়ছোৱাত প্ৰয়োজনীয় শ্ৰমিকৰ অভাৱত একাংশ উৎপাদনকাৰীয়ে কেঁচাপাত ছিঙিবলৈ কাঁচি ব্যৱহাৰ কৰে ৷ ফলত কেঁচা পাতৰ গুণগত মানদণ্ড অৱনমিত হবলৈ ধৰাৰ লগতে সমগ্ৰ চাহ উদ্যোগটোতে প্ৰভাৱ পৰিছে ।

কাঁচি বৰ্জন কৰিবলৈ আহ্বান নৰ্থ ইষ্টাৰ্ণ টি এচ'চিয়েছনৰ

অসমৰ গৰিষ্ঠসংখ্যক চাহ খেতিয়কে এতিয়াও কাঁচি ব্যৱহাৰ কৰা নাই, যদিও নেটাই এই পদক্ষেপ গ্ৰহণ কৰিছে যাতে সময় থাকোতেই সকলো সজাগ হৈ অসমৰ গুণগত মানদণ্ডৰ চাহৰ কোনোধৰণৰ ক্ষতি নহয় । নেটাৰ সংবাদ মেলত চাহ উদ্যোগ সমূহলৈ আহ্বান কাঁচিৰ পৰিৱৰ্তে ব্যৱহাৰ কৰক বিভিন্ন ধৰণৰ কেঁচাপাত ছিঙা মেছিন । নৰ্থ ইষ্টাৰ্ণ টি এচ'চিয়েছনৰ কাৰ্যালয়ত অনুষ্ঠিত কৰা সংবাদ মেলত উপস্থিত থাকে নেটাৰ উপদেষ্টা বিদ্যানন্দ বৰকাকতি, নেটাৰ অধ্যক্ষ নেপুল শইকীয়াৰ লগতে কেইবাজনো সদস্য।

ABOUT THE AUTHOR

...view details