অসম

assam

ETV Bharat / state

হস্ততাঁত শিল্পৰে জীৱন যুঁজত জয়ী হোৱা ৰেণু দাসৰ কথাৰে... - special story

আজি ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস ৷ অসমীয়া সংস্কৃতিত হস্ততাঁত শিল্পৰ আছে বিশেষ স্থান ৷ এই শিল্পই বিশ্ব দৰবাৰত অসমীয়া জাতিৰ গৌৰৱৰ পৰিচায়ক হিচাপে স্থান লাভ কৰিবলৈ সক্ষম হৈছে ৷ দক্ষ শিপিনীসকলে আজিও জীয়াই ৰাখিছে এই পৰম্পৰা ৷ ইয়াৰে ভিতৰত অন্যতম গোলাঘাটৰ ৰেণু দাস ৷

ৰেণু দাস
ৰেণু দাস

By

Published : Aug 7, 2020, 7:41 PM IST

গোলাঘাট, 7 আগষ্ট:হস্ততাঁত শিল্প আমাৰ সাংস্কৃতিক ঐতিহ্য আৰু জাতীয় জীৱনৰ এক অবিচ্ছেদ্য অংগ । হস্ততাঁত শিল্পই ৰাজ্যৰ গ্ৰাম্য অৰ্থনীতিৰ লগতে জনজীৱনত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ৷ এই ক্ষেত্ৰত বিশ্ব দৰবাৰত শুৱালকুছিৰ পাট-মুগাৰ কাপোৰৰ চাহিদা হৈছে অসমীয়া জাতিৰ গৌৰৱৰ পৰিচায়ক ৷ ভাৰতৰ বিভিন্ন প্ৰান্তৰ লগতে বিশ্বৰ বহু দেশলৈ বিয়পি আছে অসমৰ হস্ততাঁত শিল্পৰ গৰিমা ৷ দক্ষ শিপিনীসকলে আজিও জীয়াই ৰাখিছে এই পৰম্পৰা ৷ ইয়াৰে ভিতৰত অন্যতম গোলাঘাটৰ ৰাংঢালী গাঁৱৰ ৰেণু দাস ৷

ষাঠিৰ উৰ্ধৰ বয়সতো নিৰৱচ্ছিন্নভাৱে তেওঁ কাপোৰত বাছি গৈছে ফুল

ষাঠিৰ উৰ্ধৰ ৰেণু দাসে আজিও এই শিল্পক জীৱনৰ লগৰী কৰি পোহপাল দি আহিছে নিজৰ পৰিয়ালটোক ৷ আজিৰ পৰা ২৭ বছৰ পূৰ্বে তেওঁৰ স্বামীয়ে 3 টাকৈ সন্তানসহ মাতৃ ৰেণু দাসক অকলশৰীয়া কৰি ত্যাগ কৰিছিল ইহসংসাৰ ৷ তাৰ পাচতেই 3 সন্তানক লগত লৈ জীৱন যুদ্ধত অকলশৰীয়া হৈ পৰিছিল ৰেণু দাস ৷ কি দৰে 3 সন্তানক লৈ ঘৰ চলাব তেওঁ ? তথাপিও থমকি নৰ'ল তেওঁ ৷ অসমীয়া সংস্কৃতিৰ ভঁৰাল চহকী কৰা হস্ততাঁত শিল্পৰ জৰিয়তে জীৱিকাৰ পথ মুকলি কৰিলে ৰেণু দাসে ৷

ৰেণু দাসে নিজ হাতে বোৱা কাপোৰ

তাঁতশালত বহি নিজৰ পৰিয়াল চলাই যোৱাৰ সংকল্প ল'লে অকলশৰীয়া ৰেণু দাসে ৷ এই শিল্পক জীৱিকাৰ সম্বল হিচাপে সৰোগত কৰিয়েই তেওঁ এগৰাকী সন্তানক উচ্চ শিক্ষা প্ৰদান কৰি নিজৰ ভৰিত ঠিয় দিয়াৰ যোগ্য কৰি তোলে ৷ কিন্তু অভাৱৰ বাবে তেওঁ আন দুগৰাকী সন্তানক দিব নোৱাৰিলে পৰ্যাপ্ত শিক্ষা ৷ তথাপি ঘৰ চলোৱাৰ ক্ষেত্ৰত কোনো দিনেই পিছ হুহকি অহা নাই তেওঁ ৷

নিজৰ বোৱাৰীৰ লগতে ওচৰ-চুবুৰীয়া জীয়ৰী-বোৱাৰীকো তেওঁ প্ৰদান কৰে তাঁত বোৱাৰ প্ৰশিক্ষণ

বৰ্তমান নিজৰ বোৱাৰীৰ উপৰিও ওচৰ-চুবুৰীয়া লোকক তাঁত বোৱাৰ প্ৰশিক্ষণ দিয়ে ৰেণু দাসে ৷ ৰেণু দাসৰ এই পদক্ষেপে তেওঁক স্বাৱলম্বীতা প্ৰদান কৰাৰ ওপৰিও, অসমীয়াৰ পৰম্পৰাগত শিল্পটো ৰক্ষাৰ ক্ষেত্ৰতো যথেষ্ট অৰিহণা আগবঢ়াইছে ৷ আধুনিকতাৰ ধামখুমীয়াৰ মাজতো হস্ততাঁত শিল্পই কেনেদৰে এগৰাকী লোকক স্বাৱলম্বী কৰি তুলিব পাৰে তাৰেই এক উদাহৰণ দাঙি ধৰিলে ৰেণু দাসে ৷

হস্ততাঁত শিল্পৰে জীৱন যুঁজত জয়ী হোৱা ৰেণু দাসৰ কথাৰে...

লগতে পঢ়ক:ৰাষ্ট্ৰীয় বস্ত্ৰ দিৱস উপলক্ষ্যে হস্ততাঁত বস্ত্ৰমন্ত্ৰী ৰঞ্জিৎ দত্তৰ প্ৰতিক্ৰিয়া

ABOUT THE AUTHOR

...view details