অসম

assam

ETV Bharat / state

গোলাঘাটত অনুষ্টুপীয়াকৈ পালন ষষ্ঠদশ ৰাষ্ট্ৰীয় বনশ্বহীদ দিৱস - ৰাজ্যিক ভিত্তিত

গোলাঘাটত অনুষ্টুপীয়াকৈ ষষ্ঠদশ ৰাষ্ট্ৰীয় বনশ্বহীদ দিৱস পালন ৷ গোলাঘাট বন বিভাগৰ উদ্যোগত গোলাঘাট জিলা বন সংমণ্ডল কাৰ্যালয়ত পালন কৰা এই দিৱস ।

National Forest Martyrs Day Celebration At Golaghat
গোলাঘাটত অনুষ্টুপীয়াকৈ পালন ষষ্ঠদশ ৰাষ্ট্ৰীয় বনশ্বহীদ দিৱস

By

Published : Sep 11, 2020, 5:34 PM IST

গোলাঘাট, 11 ছেপ্তেম্বৰ :ক'ভিড ত্ৰাসৰ মাজতে শুকুৰবাৰে গোলাঘাটত অনুষ্টুপীয়াকৈ ষষ্ঠদশ ৰাষ্ট্ৰীয় বনশ্বহীদ দিৱস পালন কৰা হয় ৷ গোলাঘাট বন বিভাগৰ উদ্যোগত গোলাঘাট জিলা বন সংমণ্ডল কাৰ্যালয়ত পালন কৰা হয় ৰাষ্ট্ৰীয় বনশ্বহীদ দিৱস

গোলাঘাটত অনুষ্টুপীয়াকৈ পালন ষষ্ঠদশ ৰাষ্ট্ৰীয় বনশ্বহীদ দিৱস

অনুষ্ঠানৰ আৰম্ভনিতে শ্বহীদ তৰ্পনত বন্তি প্ৰজ্বলন কৰি শ্বহীদ সকলৰ আত্মাৰ সদগতিৰ বাবে মৌন প্ৰাৰ্থনা কৰা হয় উক্ত অনুষ্ঠানত । ইয়াৰ পিচতে এখন মুকলি সভা আয়োজন কৰি সভাত উপস্থিত থকা সকলে বহুমূলীয়া ভাষণ প্ৰদান কৰে । মুকলি সভাত গোলাঘাট জিলা আৰক্ষী অধীক্ষক পুষ্পৰাজ সিং,অতিৰিক্ত উপায়ুক্ত ধীৰাজ দাস উপস্থিত থাকে ।

গোলাঘাটত নিৰ্মাণ কৰা স্মৃতিসৌধ

উল্লেখ্য যে,2019 বৰ্ষত গোলাঘাটত ৰাজ্যিক ভিত্তিত ৰাষ্ট্ৰীয় বনশ্বহীদ দিৱসউদযাপন কৰাৰ বাবে গোলাঘাট বন সংমণ্ডল বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত এক স্মৃতিসৌধ স্থাপন কৰা হৈছিল আৰু উক্ত স্থানতে পালন কৰা হয় ষষ্ঠদশ ৰাষ্ট্ৰীয় বনশ্বহীদ দিৱস

লগতে পঢ়ক : দ্বিতীয় বাঘজান হোৱাৰ দিশে গোলাঘাটৰ তামুলীপথাৰ

ABOUT THE AUTHOR

...view details