গোলাঘাট , 11 এপ্ৰিল : "2019ৰ লোকসভা নিৰ্বাচনত পুনৰ প্ৰধানমন্ত্ৰী হ'ব নৰেন্দ্ৰ মোডী "৷ পুৱাই খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই ভোট দান কৰিবলৈ গৈ এই মন্তব্য প্ৰকাশ কৰে ৷
পুনৰ প্ৰধানমন্ত্ৰী হ'ব নৰেন্দ্ৰ মোডী : বিধায়ক মৃণাল শইকীয়া - 2019ৰ লোকসভা নিৰ্বাচন
ৰাজ্যত আৰম্ভ হ'ল লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া ৷ আজি পুৱাই বিধায়ক মৃণাল শইকীয়াই নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ গৈ এই মন্তব্য প্ৰকাশ কৰে ৷
পুৱাই বিধায়ক মৃণাল শইকীয়াই খুমটাই সমষ্টিৰ মেলামৰা হাইস্কুল ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান সাব্যস্ত কৰে ৷ বিধায়ক গৰাকীয়ে কয় যে বিজেপি চৰকাৰৰ শাসনকালত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে যি কাম কৰিলে ৰাইজে সেয়া দেখি পুনৰ মোডীক প্ৰধানমন্ত্ৰী হিচাপে বিচাৰিছে ৷ লগতে কয় যে এইবাৰ লোকসভা নিৰ্বাচনত পুনৰ বিজেপি চৰকাৰ শাসনত আহিলে বিজেপিয়ে আৰু কেতিয়াও নিৰ্বাচনী প্ৰচাৰ চলাব নালাগে ৷ কিয়নো বিজেপি চৰকাৰে যেতিয়া ৰাইজৰ সকলো সপোন বাস্তৱত পৰিণত কৰিব তেতিয়া ৰাইজে নিজেই মোডীক পুনৰ প্ৰধানমন্ত্ৰী হিচাপে অধিষ্ঠিত কৰিব বুলি কয় বিধায়ক গৰাকীয়ে ৷ ইয়াৰোপৰি তেখেতে কয় যে খুমটাইত এইবেলি কংগ্ৰেছ বিধ্বস্ত হ'ব ৷