গোলাঘাট,২০ মাৰ্চ: ২১ মাৰ্চ অৰ্থাৎ দেওবাৰে গোলাঘাট জিলাৰ বোকাখাত সমষ্টিত অনুষ্ঠিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিশাল বিজয় সংকল্প সমাৱেশ । প্ৰায় ১ লাখৰো অধিক বিজেপি কৰ্মীৰ লগতে নৰেন্দ্ৰ মোডীৰ অনুৰাগীয়ে অংশ লোৱাৰ আশা কৰা হৈছে বিজয় সংকল্প সমাৱেশত ।
ইয়াকে লৈ অসম আৰক্ষীৰ এটা বৃহৎ দলে নিৰাপত্তাৰ দিশটো কটকটীয়া কৰি তুলিছে সমগ্ৰ অঞ্চলত । নৰেন্দ্ৰ মোডীৰ আগমনৰ সময়ছোৱাত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত যান-জঁটৰ সমস্যা সৃষ্টিৰ আশংকা কৰি দেওবাৰে পুৱা ৮ বজাৰ পৰা ১২ বজালৈকে গুৱাহাটীৰ দিশৰ পৰা অহা বাহনসমূহক নুমলীগড়ৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু হেমচন্দ্ৰ গোস্বামী পথেৰে দেৰগাঁও হৈ যোৱাৰ ব্যৱস্থা কৰিছে প্ৰশাসনে ।