অসম

assam

By

Published : Dec 10, 2019, 7:22 PM IST

ETV Bharat / state

গোলাঘাটত কেবৰ বিৰোধিতাৰে উলংগ প্ৰতিবাদ

গোলাঘাট জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰি আৰক্ষীৰ হাতত আটক প্ৰতিবাদকাৰী ৷

Nacked protest in Golaghat
গোলাঘাটত কেবৰ বিৰোধিতাত উলংগ প্ৰতিবাদ

গোলাঘাট, 10 ডিচেম্বৰ : নাগৰিকত্ব সংশোধনী বিধেয়ক শীঘ্ৰে বাতিলৰ দাবীত মঙলবাৰে গোলাঘাটৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত উলংগ প্ৰতিবাদ সাব্যস্ত কৰে কুমুদ বৰঠাকুৰ নামৰ এজন প্ৰতিবাদকাৰীয়ে ৷ প্ৰতিবাদকাৰীজনে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ ভূমিকাক কঠোৰ ভাষাৰে সমালোচনা কৰি শীঘ্ৰে বিধেয়কখন বাতিলৰ দাবী জনায় ৷ তেওঁ লগতে দেশৰ জনসাধাৰণক এই জাতিধ্বংসী বিধেয়কখনৰ বিৰুদ্ধে মাৰবান্ধি থিয় দিয়াৰ আহ্বান জনায় ৷

গোলাঘাটত কেবৰ বিৰোধিতাত উলংগ প্ৰতিবাদ

ইতিমধ্যে গোলাঘাট আৰক্ষীয়ে আটক কৰিছে প্ৰতিবাদকাৰী কুমুদ বৰঠাকুৰক ৷ কুমুদ বৰঠাকুৰৰ ঘৰ গোলাঘাট ফলঙনীত ৷

ABOUT THE AUTHOR

...view details