মেৰাপানীত সংঘটিত নৃশংস হত্যাকাণ্ড - মেৰাপানীত সংঘটিত নৃশংস হত্যাকাণ্ড
মহুৰাম দাস(৫৫) নামৰ এজন অসুস্থ লোকক মৰিয়াই হত্যা কৰে কৃষ্ণমনি চুতীয়া নামৰ এজন যুৱকে ।
গোলাঘাট, 17 নৱেম্বৰ: গোলাঘাটৰ মেৰাপানীত সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড । মহুৰাম দাস(৫৫) নামৰ এজন অসুস্থ লোকক মৰিয়াই হত্যা কৰে কৃষ্ণমনি চুতীয়া নামৰ এজন যুৱকে । উল্লেখ্য যে, মেৰাপানী বজাৰত এখন চাহৰ হোটেল দি মাতৃ আৰু পত্নীৰ সৈতে বসবাস কৰা কৃষ্ণমনি চুতীয়াই কোনো কাৰণত ব্যক্তিজনৰ সৈতে তৰ্কত লিপ্ত হয় । ইয়াৰ পিছত উপৰ্যুপৰি লাঠিৰে মাৰধৰ কৰাত লোকজন গুৰুতৰভাৱে আহত হয় । নিশাই গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও কিছু সময়ৰ পিছতে চিকিৎসকে মৃত ঘোষণা কৰে । ইফালে হত্যাকাৰী কৃষ্ণমনি চুতীয়াক ৰাইজে আটক কৰি নিশাই মেৰাপানী আৰক্ষীক গতাই দিয়ে ।