গোলাঘাট, 2 আগষ্ট, ধনশিৰি মহকুমাৰ 1 নং প্ৰেমহৰা গাঁৱত লোমহৰ্ষক হত্যাকাণ্ড ৷ পাৰিবাৰিক কন্দলৰ বাবে সংঘটিত হয় হত্যাকাণ্ড ৷ স্বামীয়ে বাঁহৰ লাঠীৰে প্ৰহাৰ কৰাত থিতাতে মৃত্যু হয় পত্নীৰ ৷ উল্লেখ্য যে, বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত 1 নং প্ৰেমহৰা গাঁৱৰ নিবাসী যোগেন মোডীয়ে সুৰাপান কৰি ঘৰত পত্নীৰ সৈতে কাজিয়াত লিপ্ত হয় ৷ কাজিয়াৰ পৰিণতিতে ওচৰতে পৰি থকা বাঁহৰ লাঠীৰে পত্নী সোনালী মোডীক মূৰ,বাহু,পেটত প্ৰহাৰ কৰাত ঘটনাস্হলীতে মৃত্যু হয় সোনালীৰ ৷ তাৰ পাচতে হত্যাকাৰী স্বামী যোগেন মোডীয়ে আত্মসমৰ্পন কৰে বৰপথাৰ আৰক্ষী থানাত ৷
স্বামীৰ লাঠীৰ প্ৰহাৰত মৃত্যু পত্নীৰ - সোনালী মোডী
বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত 1 নং প্ৰেমহৰা গাঁৱত পাৰিবাৰিক কন্দলৰ বাবে সংঘটিত হয় হত্যাকাণ্ড ৷ স্বামীয়ে বাঁহৰ লাঠীৰে প্ৰহাৰ কৰাত থিতাতে মৃত্যু হয় পত্নীৰ ৷
স্বামীৰ লাঠীৰ প্ৰহাৰত মৃত্যু পত্নীৰ
আনহাতে, হত্যাকাৰী স্বামীৰ অভিযোগ, মৃত পত্নী সোনালী মোডীৰ অবৈধ সম্পৰ্ক থকাৰ বাবে সঘনাই কাজিয়াত হৈছিল দুয়োৰে মাজত৷