অসম

assam

ETV Bharat / state

দেৰগাঁৱত দুই ফৈদৰ মাজত সংঘাত - high tension

দেৰগাঁৱত উত্তেজনাময় পৰিস্থিতি ৷ দাৰ ঘাপত গুৰুতৰভাৱে আহত দুজনকৈ লোক ৷ আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি অভিযুক্তক গ্ৰেপ্তাৰ ৷

দেৰগাঁৱত দুই ফৈদৰ মাজত সংঘৰ্ষ; আহত 2 জন

By

Published : Jul 16, 2019, 2:01 PM IST

দেৰগাঁও,১৬ জুলাইঃ সোমবাৰে বিয়লি দেৰগাঁৱত উত্তেজনাময় পৰিস্থিতি ৷ দুটা ফৈদৰ মাজত সৃষ্টি হয় যুদ্ধসদৃশ পৰিস্থিতি ৷ ঘটনা অনুসৰি, দেৰগাঁও এলাহাবাদ বেংকৰ সন্মুখত গণেশ দলে আৰু তেওঁৰ পাঁচ পুত্ৰ ক্ৰমে বাপা দলে, আদিত্য দলে, কেটেঙ দলে, অমৃত দলে, কৃষ্ণ দলেই এটা অস্থায়ী দোকান গৃহ নিৰ্মাণ কৰিবলৈ লওঁতেই কৃষ্ণ বাহাদুৰ দৰ্জী নামৰ এজন যুৱকৰ লগত কাজিয়াৰ সূত্ৰ পাত্ৰ হয় । গণেশ দলে আৰু তেওঁৰ পঞ্চ পু্ত্ৰই কৃষ্ণ বাহাদুৰক চোকা অস্ত্ৰই আঘাত কৰাৰ ফলত ঘটনাস্থলীতে তেওঁ বাগৰি পৰে ৷

দেৰগাঁৱত দুই ফৈদৰ মাজত সংঘৰ্ষ; আহত 2 জন

ইপিনে স্থানীয় একাংশ লোক ঘটনাস্থলীত উপস্থিত হৈ গণেশ দলে আৰু তেওঁৰ পাঁচ পুত্ৰক উত্তম মাধ্যম দি আবদ্ধ কৰি ৰাখে । পাচত আৰক্ষীৰ লোক উপস্থিত হৈ ঘটনা স্থলীৰ পৰা গণেশ দলে আৰু কৃষ্ণ বাহাদুৰক গুৰুতৰভাৱে আহত অৱস্থাত উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ বিপৰীতে অভিযুক্তক গ্ৰেপ্তাৰ কৰে ৷ উল্লেখ্য যে ঘটনাৰ প্ৰকৃত কাৰণ জানিব পৰা নাই যদিও ধন ধাৰলৈ লোৱা আৰু দোকান গৃহ লোৱা আদি কাৰণতেই সংঘাতৰ সূত্ৰপাত হৈছে বুলি জানিব পৰা গৈছে ৷

ABOUT THE AUTHOR

...view details