গোলাঘাট,13 মে’:কৰ'ণা কালত বিভিন্ন দৃশ্যই চকু সেমেকাই তুলিছে বিভিন্ন জনৰ । তাৰ সমান্তৰালভাৱে ইজনে সিজনৰ হাতত ধৰি কৰ'ণা ৰোধৰ যুদ্ধখন জয়ী হোৱাৰ সংগ্ৰাম অব্যাহত ৰাখিছে । কোনোবাই যদি ঘৰতে আৱদ্ধ হৈ থকা সকলক খাদ্যৰ যোগান ধৰিছে, কোনোবাই আকৌ মাস্ক নিপিন্ধা সকলক সজাগতাৰ লক্ষ্যৰে মাস্ক প্ৰদান কৰাৰ লগতে পৰামৰ্শ আগবঢ়াইছে ।
ঠিক একেদৰে সাধাৰণ জনতাৰ কাষত ৰাইজৰ প্ৰতিনিধি সকলেও মানুহক সহায়ৰ হাত আগবঢ়াই আহিছে । বিভিন্ন সমস্যাৰ সময়ত সমষ্টি বাসীৰ কাষত ঠিয় হোৱা খুমটাইৰ বিধায়ক মৃনাল শইকীয়াই ক’ভিড সংক্ৰান্তৰ বাবে প্ৰদান কৰা এম্বুলেন্স এতিয়া দুৰ্ভগীয়া জনতাৰ কাষত ।
বিধায়ক মৃনাল শইকীয়াই নিজেই এম্বুলেন্স চলাই ক’ভিড ৰোগীক নিলে ঘৰলৈ ক’ভিড পজিটিভ ৰোগী চিকিৎসালয়লৈ অনা আৰু চিকিৎসালয়ৰ পৰা ঘৰত থোৱা কামত ব্যস্ত মৃনাল শইকীয়াৰ এই বিশেষ এম্বুলেন্স খন । উল্লেখযোগ্য যে, সান্ধ্য আইনৰ ফলত মঙলবাৰে উপায়বিহীন হোৱা এটা পৰিয়ালক বিধায়ক মৃনাল শইকীয়াই নিজেই এম্বুলেন্স চলাই গন্তব্যস্থল পোৱাই । খুমটাই সমষ্টিৰ হৰহৰী গাঁৱৰ ক’ভিড পজিটিভ হোৱা মাতৃ পুত্ৰ চিকিৎসাধীন হৈ আছিল গোলাঘাটৰ ক’ভিড চিকিৎসালয়ত ।
বৃহস্পতিবাৰে মাতৃ পুত্ৰক স্বাস্থ্য পৰীক্ষা কৰাত নিগেটিভ ফলাফল আহে। নিগেটিভ হোৱা মাতৃ পুত্ৰক গোলাঘাটৰ কভিড চিকিৎসালয়ে বিয়লি তিনি বজাত চিকিৎসালয়ৰ ছুটি প্ৰদান কৰে। কিন্তু সান্ধ্য আইনত গাড়ী মটৰ নাপাই উপায়হীন হৈ পৰা মাতৃ পুত্ৰই। অৱশেষত খুমটাইৰ বিধায়ক মৃনাল শইকীয়াই নিজেই এম্বুলেন্স চলাই দুয়োকে নিজৰ বাসগৃহত থৈ আহে । বিধায়ক গৰাকীৰ এই কাৰ্যই কৰ'ণা যুদ্ধখনক আৰু কিছু শক্তিশালী কৰি তুলিব সেইয়া সকলোৱে একেমুখে শলাগিছে ৷
লগতে পঢ়ক: নগাঁৱৰ বামুণী পাহাৰত ২০ টাকৈ হাতীৰ কৰুণ মৃত্যু