গুৱাহাটী, 1 ডিচেম্বৰ: “ফ্লাই অভাৰ নিৰ্মাণ হ'লেই মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বাগানৰ সংখ্যা বৃদ্ধি পায়”— ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক এইদৰেই আক্ৰমণ কৰিলে সাংসদ তথা কংগ্ৰেছ দলৰ উপ দলপতি গৌৰৱ গগৈৰ ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ 10 কোটিটকীয়া ৰাজসাহাৰ্য বিতৰ্কৰ পিছত পুনৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সমালোচনাত মুখৰ হৈছে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ ।
গোলাঘাটত বৃহস্পতিবাৰৰ সন্ধিয়া গৌৰৱ গগৈয়ে এখন সভাত ভাষণ প্ৰদান কৰি আগবঢ়ায় তাৎপৰ্যপূৰ্ণ মন্তব্য, “ফ্লাই অভাৰৰ নিৰ্মাণ হ'লেই মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বাগানৰ সংখ্যা বৃদ্ধি পায় ৷" উল্লেখ্য যে, গুৱাহাটীৰ যান-জঁট নোহোৱা কৰিবলৈ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি মিত্ৰজোঁট চৰকাৰে নিৰ্মাণ কৰিছে এখনৰ পিচত আন এখন ফ্লাই অভাৰ । কিছুদিন পূৰ্বে গুৱাহাটীত মুকলি কৰা হৈছে 420 কোটি টকা আৰু 316 কোটি টকা ব্যয়সাপেক্ষে ক্ৰমে মালিগাঁৱৰ উৰণ সেতু আৰু জু-ৰোড উৰণ সেতুখন । 127 কোটি টকাৰে চুপাৰ মাৰ্কেটত নিৰ্মাণ কৰি উলিওৱা হৈছে আন এখন উৰণ সেতু ।
853 কোটি টকাৰে বৰ্তমান নিৰ্মীয়মান অৱস্থাত আছে নুনমাটিৰ পৰা ৰিজাৰ্ভ বেংকলৈ আন এখন ফ্লাইঅভাৰৰ কাম ৷ জনসাধাৰণৰ উপযোগী হোৱাকৈ সেতুবোৰ প্ৰস্তুত কৰা বুলি ৰাজ্য চৰকাৰে দাবী কৰি অহাৰ বিপৰীতে এই কামৰ বাবেই এতিয়া মুখ্যমন্ত্ৰীগৰাকীক আক্ৰমণ কৰিছে কংগ্ৰেছ দলে ৷ উৰণ সেতু আৰু মুখ্যমন্ত্ৰীৰ পত্নীৰ মাজত সংযোগ বিচাৰি উলিয়াইছে ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছে ৷