গোলাঘাট, 19 অক্টোবৰ : গোলাঘাটৰ বংকোৱাল আৰু ৰঙাগড়াত সোমবাৰে দুখনকৈ নিৰ্বাচনী সভাৰ আয়োজন । ৰঙাগড়াৰ সভাত অংশগ্ৰহণ কৰে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞা, জাতীয়তাবাদী নেতা লাচিত বৰদলৈ,জ্যেষ্ঠ সাংবাদিক মনজিৎ মহন্ত,ৰাছেল হুছেইন আৰু ৰাহুল ছেত্ৰী ৷
উক্ত সভাত মন্ত্ৰী অতুল বৰাৰ বিৰুদ্ধে দুটাকৈ কাৰ্যসূচী সমাপন কৰা হয় ৷ বংকোৱালত কংগ্ৰেছৰ প্ৰতিবাদ আৰু ৰঙাগড়াৰ বোকাখাতত সম্পন্ন হয় বিকল্প ৰাজনীতিৰ জনজাগৰণ সভা । ৰঙাগড়াৰ সভাত বিজেপি চৰকাৰ আৰু মন্ত্ৰী অতুল বৰাক তীব্ৰ সমালোচনা কৰে সাংসদ অজিত কুমাৰ ভূঞাৰ লগতে অন্য ব্যক্তিসকলে ।