গুৱাহাটী, 13 জানুৱাৰী :বুধবাৰে গোলাঘাটৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত এন টি ই পি অসমৰ অধীনৰ জিলা যক্ষ্মা কোষ আৰু এন আৰ এলৰ মাজত যক্ষ্মা যত্ন আৰু প্ৰতিৰোধৰ বাবে এখন বুজাবুজি চুক্তি স্বাক্ষৰিত হয় (Tuberculosis Care and Resistance Agreement in Golaghat) । অনুষ্ঠানত ভাষণ প্ৰদান কৰি গোলাঘাট জিলাৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই কয়, যক্ষ্মা কেৱল এটা চিকিৎসাজনিত ৰোগ নহয় । যক্ষ্মা এক সামাজিক সমস্যা । যিকোনো লোক যক্ষ্মা ৰোগত আক্ৰান্ত হ'ব পাৰে ।
যক্ষ্মা ৰোগত আটাইতকৈ দৰিদ্ৰতা আৰু পুষ্টিহীনতাৰ সৈতে যুঁজ দিয়া প্ৰান্তীয় লোকসকল বেছিকৈ ক্ষতিগ্ৰস্ত হয় । তেওঁ, এন আৰ এল আৰু এন টি ই পিৰ প্ৰচেষ্টাৰ শলাগ লয় । এই বুজাবুজি চুক্তিৰ জৰিয়তে ৰাজ্যিক যক্ষ্মা কোষ অসমে যক্ষ্মা সম্পৰ্কে উন্নত সজাগতাৰ বাবে সকলো লোকৰ ওচৰলৈ যোৱা আৰু ৰোগ নিৰ্ণয় আৰু চিকিৎসাৰ বাবে যক্ষ্মা ৰোগৰ লক্ষণ (Symptoms of Tuberculosis) থকা যিকোনো লোকক স্বাস্থ্য প্ৰণালীৰ সৈতে সংযুক্ত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ।