অসম

assam

ETV Bharat / state

পাঁচ বছৰৰ বিৰতিৰ মূৰত মিলন ঘটিল মাতৃ-পুত্ৰৰ - missing case

দেৰগাঁৱৰ বাতিপৰীয়াৰ আহোম গাঁৱত এক উৎসৱ মুখৰ পৰিৱেশ ৷ কিয়নো পাঁচ বছৰৰ মূৰত ঘৰলৈ উভতি আহিছে সুনীল ৷ কোন এই সুনীল ? কেনেকৈ সুনীল হৈছিল সন্ধানহীন ? সবিশেষ চাওক এই প্ৰতিবেদনত...

Sunil missing for five years
পাঁচ বছৰৰ বিৰতিৰ মূৰত মিলন মাতৃ-পুত্ৰৰ

By

Published : Aug 10, 2021, 10:33 PM IST

দেৰগাঁও,10 আগষ্ট:দেৰগাঁৱৰ বাতিপৰীয়াৰৰ আহোম গাঁৱত এক আনন্দৰ মূহুৰ্ত ৷ পাঁচ বছৰৰ মূৰত নিজ ঘৰত উপস্থিত হৈছেহি সন্ধানহীন পুত্ৰ ৷ পুত্ৰক কাষত পাই আনন্দত আত্মহাৰা হৈ পৰিছে মাতৃ ৷ মাতৃ-পুত্ৰৰ মিলনৰ দৃশ্যই দেৰগাঁৱৰ বাতিপৰীয়াৰৰ আহোম গাঁওবাসীক আনন্দিত কৰি তুলিছে ৷

সকলোৰে চকুত কেৱল আনন্দৰ চকুলো ৷ ন-ছোৱালীক আদৰাৰ দৰে লোকজনক আদৰিছে গাঁওবাসীয়ে ৷ সন্ধানহীন এই ব্যক্তিগৰাকীৰ মান হৈছে সুনীল গগৈ ৷ পাঁচ বছৰৰ পূৰ্বে নিৰুদ্দেশ হৈছিল সুনীল ৷ তেলেংগানাৰ নিবাসী আন্নাম শ্ৰী নিবাস ৰাও নামৰ প্ৰচেষ্টাতে পাঁচ বছৰৰ পাচত নিজ গৃহত উপস্থিত হৈছে সুনীল ৷

পাঁচ বছৰৰ বিৰতিৰ মূৰত মিলন ঘটিল মাতৃ-পুত্ৰৰ

বিগত পাঁচ বছৰে স্বামীৰ মুখ নেদেখা পত্নীয়েও স্বামী সুনীলক কাষতে পাই হৈ পৰিছে আনন্দত আত্মহাৰা ৷

জানিব পৰা মতে, পাঁচ বছৰৰ পূৰ্বে বাংগালুৰুত কোম্পানীৰ চাকৰি বিচাৰি গৈ ৰে'লৰ পৰাই নিৰুদ্দেশ হৈছিল সুনীল ৷ বহুদিনলৈকে কোনো সন্ধান নাপাই সুনীলৰ মৃত্যু হোৱা বুলি মানি লৈছিল পৰিয়ালৰ লোকে ৷ ইফালে ৰাস্তা ভুল হৈ প্ৰায় 6মাহ ধৰি ট্ৰেইনে-ট্ৰেইনে ঘূৰি ফুৰিছিল সন্ধানহীন সুনীল ৷

ভাগ্যৰো কি যে লিখন ৷ প্ৰায় 6মাহৰ অন্তত ট্ৰেইনে-ট্ৰেইনে ঘূৰি অৱশেষত সাক্ষাৎ হয় তেলেংগানাৰ আন্নাম শ্ৰী নিবাস ৰাওৰ সৈতে ৷ সমাজকৰ্মী আন্নাম শ্ৰী নিবাস ৰাওৱে বিগত প্ৰায় 5 বছৰে নিজৰ বাসগৃহতে ৰাখে সুনীলক ৷ ইফালে ঘৰৰ ঠিকনা ভালদৰে ক’ব নজনাৰ বাবে সুনীলক লৈ কিছু দোমোজাত পৰিছিল ৰাও ৷

সামাজিক মাধ্যম আৰু ইন্টাৰনেটৰ সহায়ৰ লগতে কিছু লোকৰ প্ৰচেষ্টাত অসমৰ যুৱক সুনীলৰ ঠিকনা উলিয়াবলৈ সক্ষম হয় আন্নাম শ্ৰী নিবাস ৰাওৱে ৷

তেলেংগেনাৰ 'আন্নাম সেৱা ফাউণ্ডেচনৰ' প্ৰচেষ্টাত অৱশেষত দেৰগাঁৱৰ বাতিপৰীয়াৰ নিজা বাসগৃহত উপস্থিত হয় সুনীল গগৈ ৷ সুনীলক থবলৈ আহি ‘আন্নাম সেৱা ফাউণ্ডেচনৰ' মুৰব্বী আন্নাম শ্ৰী নিবাস ৰাও নিজেই উপস্থিত হয় বাতিপৰীয়াত ৷ বিগত ৫ বছৰে সুনীলক আশ্ৰয় দিয়া তেলেংগেনাৰ ব্যক্তি গৰাকীয়ে সুনীলৰ পৰিয়াললৈ আগবঢ়ায় নগদ ৫০ হাজাৰ টকাৰ এক সাহাৰ্যও ৷

পাঁচ বছৰৰ পূৰ্বে হেৰুওৱা সুনীলক ঘূৰাই পাই আনন্দিত হৈ পৰিছে এতিয়া সুনীলৰ আত্মীয় ৷ আন্নাম শ্ৰী নিবাস ৰাও এক উদাহৰণহে মাথো ৷ এতিয়াও যে সমাজত জীয়াই আছে মানৱতা, এতিয়াও যে মানুহে মানুহৰ কথা ভাৱে, তাৰে উদাহৰণ হৈছে দেৰগাঁৱৰ এই ঘটনা ৷

লগতে পঢ়ক:জনা-নজনা : গছত উঠা ছাগলী

ABOUT THE AUTHOR

...view details