অসম

assam

By

Published : Nov 7, 2019, 11:43 PM IST

ETV Bharat / state

প্ৰসংগ: জনজাতিকৰণ : ক্ষান্ত হোৱা নাই চুতীয়া জনগোষ্ঠী

তিনিচুকীয়া, যোৰহাটৰ লগতে গোলাঘাট জিলাত জিলা চুতীয়া ছাত্ৰ সন্থাই প্ৰধানমন্ত্ৰী মোদী, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডাৰ পুত্তলিকা দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ নিৰ্বাচনৰ সময়ত জনজাতিকৰণৰ ভূৱা আশ্বাস দি ৰাজ গাদী দখল কৰা চৰকাৰক জংগী আন্দোলনত ৰাজ্য কপোৱাৰ হুংকাৰ প্ৰদান কৰে  চুতীয়া ছাত্ৰ সন্থাই ৷

তিনিচুকীয়া,গোলাঘাট, যোৰহাট,গুৱাহাটীত প্ৰতিবাদ

নিউজ ডেস্ক, 7 নৱেম্বৰ: জনজাতিকৰণৰ নামত চৰকাৰৰ প্ৰতাৰণাৰ পাচতে জাঙুৰ খাই উঠিল চুতীয়া জনগোষ্ঠী ৷ চুতীয়া জনগোষ্ঠীক জনজাতিকৰণ কৰা প্ৰসংগক লৈ বৃহস্পতিবাৰে উত্তাল হৈ পৰিল তিনিচুকীয়া,গোলাঘাট, যোৰহাটৰ লগতে গুৱাহাটী মহানগৰী..

তিনিচুকীয়া, যোৰহাটৰ লগতে গোলাঘাট জিলাত জিলা চুতীয়া ছাত্ৰ সন্থাই প্ৰধানমন্ত্ৰী মোদী, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডাৰ পুত্তলিকা দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ নিৰ্বাচনৰ সময়ত জনজাতিকৰণৰ ভূৱা আশ্বাস দি ৰাজপাত দখল কৰা চৰকাৰক জংগী আন্দোলনৰে ৰাজ্য কপোৱাৰ হুংকাৰ প্ৰদান কৰে চুতীয়া ছাত্ৰ সন্থাই ৷

ক্ষান্ত হোৱা নাই চুতীয়া জনগোষ্ঠী

আনহাতে মহানগৰীৰ দীঘলীপুখুৰীত প্ৰধানমন্ত্ৰী মোদী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিমূৰ্তি দাহ কৰাৰ চেষ্টা চলাই আৰক্ষীৰ হাতত আটক হয় চুতীয়া ছাত্ৰ সন্থাৰ কেবাগৰাকী সদস্য । চুতীয়া জনগোষ্ঠীক জনজাতিকৰণৰ লগতে বিভিন্ন উন্নয়ন, অভাৱ অভিযোগ সমূহ পূৰণ কৰাৰ বাৰম্বাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিও কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰে প্ৰতাৰণা কৰি অহাৰ অভিযোগ উথাপন কৰি এই প্ৰতিবাদ সাব্যস্ত কৰে চুতীয়া সংগঠনে ৷

ABOUT THE AUTHOR

...view details