গোলাঘাট, 9 মাৰ্চ: কোনো এটা ঘটনা সংঘটিত হ’লে আগ-পাচ নাভাবি স্বয়ম্ভূ ন্যায়দাতাৰ ভূমিকা পালন কৰাৰ ৰোগটো আমাৰ সমাজৰ বহুতৰে মনত আছে ৷ ৰাজ্যত সংঘটিত হোৱা প্ৰায় সমূহ গণ প্ৰহাৰৰ ঘটনাৰ মূল কাৰণ এইটোৱেই ৷ কিবা এটা হ’লেই বিবেকহীনভাৱে একাংশ জপিয়াই পৰে দোষী বুলি ভবা ব্যক্তি বিশেষৰ ওপৰত ৷ অভি-নীল হত্যাকাণ্ড, অনিমেষ ভূঞাৰ হত্যাকাণ্ড, চিকিৎসক দেৱেন দত্তৰ হত্যাকাণ্ড, দেৱাশীষ গগৈ হত্যাকাণ্ড আদি অলেখ উদাহৰণ আছে এই বিষয় সন্দৰ্ভত ৷
এনে এক ঘটনাই এইবাৰ স্থান পালে গোলাঘাট জিলাত ৷ জিলাখনৰ মেৰাপানী অঞ্চলত এজন ব্যক্তিক অবৈধ প্ৰেমৰ সম্পৰ্ক স্থাপনৰ অভিযোগত ৰাজহুৱা শাস্তি প্ৰদানৰ ঘটনা সংঘটিত হৈছে (Extra Marital affair case) ৷ মহিলা সমিতিৰ সভাপতি হৈ পৰিল স্বয়ম্ভূ বিচাৰপতি (mob lynching for sake of Extra Marital affair) ৷ মাটিত থু পেলাই চেলেকিবলৈ বাধ্য কৰিলে ব্যক্তিজনক ৷
অভিযোগ মতে, ৰজনী বৰা নামৰ লোকজনে বিবাহ বৰ্হিভূত প্ৰেমৰ সম্পৰ্ক স্থাপন কৰিছিল এগৰাকী মহিলাৰ সৈতে৷ যাৰ বাবে মেৰাপানী ৰামপুৰৰ স্বয়ম্ভূ বিচাৰপতি য়াচমিন চুলতানাই দুয়োকে এই কাৰ্যৰ বাবে দোষী মানি ৰাজহুৱা বিচাৰ বহুৱাই (Extra Marital affair case in Golaghat)৷ বিচাৰৰ নামত দুয়োগৰাকী প্ৰেমিক-প্ৰেমিকাক আঁঠু কঢ়োৱাৰ লগতে নিজৰ থু চেলেকিবলৈ বাধ্য কৰে য়াচমিন নামৰ মহিলাগৰাকীয়ে ৷