গোলাঘাট, 14 আগষ্টঃ অমিতা চুৰিৰ অপৰাধতেই গণ প্ৰহাৰত প্ৰাণ গ’ল এজন লোকৰ ৷ মাতৃ,পত্নী,কণমানি কন্যাৰ সন্মুখতে মৰিয়াই মৰিয়াই হত্যা কৰিলে যুৱক জনক ৷ মেৰাপানীৰ কাছমাৰীত সংঘটিত হৈছে এই বেদনাদায়ক ঘটনা ৷
তথ্য অনুসৰি কাছমাৰী হাতীয়েখোৱাৰ দীন শইকীয়া নামৰ এজন ব্যক্তিয়ে ঘৰৰ পৰা অমিতা চুৰ কৰা বুলি মাজগাঁৱৰ পৱন ফুকন আৰু হেমকান্ত সোণোৱাল (বাবু) নামৰ দুজন লোকৰ বিৰুদ্ধে বৃহস্পতিবাৰে অভিযোগ উত্থাপন কৰে ৷ তাৰ ভিত্তিতে গাঁৱতে বৃহস্পতিবাৰে বিয়লি হাতীয়েখোৱা নামঘৰৰ সন্মুখত এখন বিচাৰ অনুষ্ঠিত কৰে৷ এই বিচাৰতে একাংশ লোকে অমানবীয়তাৰ সকলো সীমা অতিক্ৰম কৰি মাতৃ, পত্নী আৰু দুই কণমানি কন্যাৰ সন্মুখতে হেমকান্ত সোণোৱালক প্ৰচণ্ড মাৰপিট কৰি গুৰুতৰভাৱে আহত কৰে ৷