গোলাঘাট, 1 আগষ্ট :গোলাঘাট জিলাৰ জামুগুৰিত আৰক্ষীক প্ৰহাৰক লৈ সৃষ্টি হৈছে এক উত্তপ্ত পৰিস্থিতিৰ । জামুগুৰিৰ টাঙোন হোলাগাঁৱত কৰ্তব্যৰত অৱস্থাতে জামুগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জীৱ সণ্যালক আক্ৰমণ কৰে গাঁওখনৰ জনতাই ।
প্ৰাপ্ত তথ্য অনুসৰি, ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে জামুগুৰি থানাৰ আৰক্ষী বাহিনীসহ অঞ্চলটোত চুলাই মদৰ(illegal liquor) ঘাটি উচ্ছেদ কৰিবলৈ গৈছিল। সেই মুহুৰ্তত আৰক্ষীৰ লোকে স্থানীয় এজন যুৱকক প্ৰহাৰ কৰাৰ অভিযোগতেই ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জীৱ সণ্যালক প্ৰহাৰ কৰে । আক্ৰমণকাৰী সকলে বিষয়াগৰাকীৰ লগতে আৰক্ষী বাহিনীৰ লগত থকা বাহনৰো ক্ষতিসাধন কৰে ।